প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক
আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমিছে। তথাপি দেশত কিয় বেছি মূল্যত বিক্ৰী হৈছে ইন্ধন তেল? আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এই অভিযোগেৰে এইবাৰ পোনপটীয়াকৈ মোডী চৰকাৰক লক্ষ্য কৰি লৈছে।
বৃহস্পতিবাৰে তেওঁ প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য শীঘ্ৰে ১০২ টকাৰ পৰা ৮২ টকালৈ হ্ৰাস কৰিবলৈ দাবী জনায়। একে সময়তে তেওঁ ডিজেলৰ মূল্যও হ্ৰাস কৰাৰ পোষকতা কৰিছে। আপ শিবিৰৰ অভিযোগ যে বিশ্ব বজাৰত তেলৰ দাম কম হোৱাৰ পাছতো তেল কোম্পানীবোৰে সাধাৰণ জনতাক তাৰ সুবিধা দিয়া নাই।
কেজৰিৱালৰ স্পষ্ট বক্তব্য, “পেট্ৰ’লৰ দাম ১০২ টকাৰ পৰিৱৰ্তে প্ৰতি লিটাৰত ৮২ টকা হ’ব লাগে। ডিজেলৰ দামও হ্ৰাস কৰাৰ প্ৰয়োজন আছে।” আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পালে দেশৰ জনসাধাৰণে কিয় তাৰ সুফল নাপাব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
২০১৪ চনৰ পৰা বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য কমেও ছয়গুণ হ্ৰাস পোৱা বুলি দাবী কৰে আপৰ মুৰব্বীগৰাকীয়ে। কিন্তু ভাৰতত ইন্ধনৰ মূল্য সেই অনুপাতে হ্ৰাস পোৱা নাই। কেন্দ্ৰলৈ তেওঁৰ পোনপটীয়া প্ৰশ্ন হ’ল, “এই দীৰ্ঘ সময়ছোৱাত তেল কোম্পানীসমূহে যি বিশাল অংকৰ মুনাফা লাভ কৰিলে, সেয়া ক’লৈ গ’ল?”
কেজৰিৱালৰ মতে পেট্ৰ’ল-ডিজেলৰ দাম কমি গ’লে দেশৰ চৰা মূল্যাবৃদ্ধি বহু পৰিমাণে হ্ৰাস পাব। ফলত সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীলৈকে সকলোৱে সকাহ পাব। সাধাৰণ মানুহৰ পকেট খালি কৰি তেল কোম্পানীসমূহক লাভ কৰিবলৈ দিয়াৰ বাবে তেওঁ কেন্দ্ৰক কাঠগৰাত তোলে।
অৱশ্যে আম আদমী পাৰ্টিৰ এই আক্ৰমণৰ সন্মুখত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইয়াৰ বিপৰীত যুক্তি আগবঢ়াইছে। চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁ স্পষ্টকৈ কৈছিল যে যোৱা চাৰি মাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য সৰ্বনিম্ন হ’লেও বৰ্তমান ভাৰতত পেট্ৰ’ল-ডিজেল সস্তা হোৱাৰ কোনো সম্ভাৱনা নাই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে পশ্চিম এছিয়াৰ সংকটৰ সময়ত যি চৰা মূল্যত খাৰুৱা তেল ক্ৰয় কৰা হৈছিল, চৰকাৰী তেল কোম্পানীসমূহে এতিয়াও সেই তেলেই বিক্ৰী কৰি আছে।
সূত্ৰসমূহৰ মতে মে’ মাহৰ শেষৰ ফালে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰায় ৭.৫০ টকা বৃদ্ধি পাইছিল। এই মূল্যবৃদ্ধি হৈছে পশ্চিম এছিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুমাহৰ পিছত। কিন্তু ভাৰতৰ মূল্যবৃদ্ধি বিশ্ব বজাৰতকৈ বহু কম আছিল, কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত চৰা মূল্যৰ এটা ডাঙৰ আঘাত চৰকাৰী তেল কোম্পানীসমূহে নিজে মূৰ পাতি লৈছিল ।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কম মূল্যত পেট্ৰ’ল, ডিজেল আৰু এল পি জি বিক্ৰী কৰাৰ বাবে চৰকাৰী তেল কোম্পানীসমূহৰ মুঠ লোকচান হৈছে ৭৪,৭৮১ কোটি টকা।
Govt Must Reduce Petrol Price to under ₹82 | Important Press Conference | LIVE https://t.co/e9XeNVDgcV
— Arvind Kejriwal (@ArvindKejriwal) July 9, 2026
কেন্দ্ৰই দাবী কৰিছে যে ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াৰ সংকট আৰম্ভ হোৱাৰ পিছৰে পৰা একেৰাহে চাৰি মাহ ধৰি ক্ৰয় মূল্যতকৈ কম মূল্যত তেল বিক্ৰী কৰাৰ বাবে আৰু ৰন্ধন গেছৰ বকেয়া ৰাজসাহায্যৰ বাবে এই বৃহৎ লোকচান হৈছে।