• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব। হিন্দী এটা ঐতিহ্যমণ্ডিত ভাষা। ভাষা হিচাপে হিন্দীৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই।

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 9, 2026 8:14 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব। হিন্দী এটা ঐতিহ্যমণ্ডিত ভাষা। ভাষা হিচাপে হিন্দীৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই। কিন্তু অসম বিধানসভাৰ যোগেদি অসমত হিন্দী জাপি দিয়াৰ এই চক্ৰান্ত কিয়? হিন্দী অসমীয়াৰ ভাষা নহয়। অসমৰ সৰহসংখ্যক মানুহৰ ভাষা অসমীয়া। এসময়ত, এই বৰ্ণহিন্দুসকলৰ আধিপত্যবাদী দৃষ্টিভংগীৰ বাবে অসমীয়া ভাষা সংকুচিত হৈ পৰিছিল। এতিয়া সেই বৰ্ণহিন্দুৰ প্ৰতিনিধি আৰ এছ এছ-বিজেপিয়ে দেখদেখকৈ হিন্দীক অসমৰ বৰ মজিয়াত বৰপীৰা পাৰি দিলে।আমি জানোৱেই ভাষাৰ লগত ৰাজনৈতিক আধিপত্যৰ সম্পৰ্ক বহু পুৰণি।

ইংৰাজী ভাষা আৰু শিক্ষাই ভাৰতৰ পৰিচয় সলাই দিয়া নাছিল জানো? কিন্তু সি একে সময়তে, আমাক বিশ্ব-চিন্তাৰ লগতো চিনাকি কৰি দিছিল। কিন্তু হিন্দী ভাষাই আমাক কি দিব? হিন্দীৰ সেই শক্তি আৰু সম্ভাৱনা নাই। আমাৰ ব্যৱহাৰিক প্ৰয়োজনৰ কাৰণে যিখিনি হিন্দী আমাক লাগে, সেইখিনি হিন্দী হেনাঁহুঁচাকৈ আমি প্ৰায়ভাগেই ক’ব পাৰোঁ। আমাৰ কাৰণে সেয়াই যথেষ্ট। তাতকৈ বেছি আমাক নালাগে। যিসকলে বিদ্যায়তনিক উদ্দেশ্যত হিন্দীৰ চৰ্চা কৰিব বিচাৰে তেওঁলোকৰ কথা বেলেগ।

Apply Now

কিন্তু বৰ্তমানৰ শাসক গোষ্ঠী আৰ এছ এছ-বিজেপিৰ কাৰণে হিন্দী অইন একো নহয়, ই হ’ল এক ৰাজনৈতিক আগ্ৰাসন আৰু আধিপত্যৰ আহিলা। তেওঁলোকৰ  আদৰ্শ — হিন্দু-হিন্দী-হিন্দুস্তান। হিন্দু-হিন্দী-হিন্দুস্তানে যোৱা ১২ বছৰে আমাক, অসমীয়াকে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক কি জ্বলাকলা খুৱাইছে আমি সকলোৱে দেখি আছোঁ। এই আৰ এছ এছ-বিজেপিৰ স্থানীয় দালালবোৰ কোন তাকো আমি চিনাক্ত কৰা ভাল। সেই দালালবোৰ অইন কোনো নহয়— এসময়ৰ অসমৰ ভণ্ড জাতিপ্ৰেমীসকল আৰু এতিয়াৰ ভণ্ড জনজাতীয় আৰু নৃগোষ্ঠীয় সম্প্ৰদায়ৰ দালালবোৰ। এওঁলোকে তেওঁলোকৰ ক্ষমতা আৰু সম্পদ বঢ়াবলৈ আৰ এছ এছ-বিজেপিৰ পদলেহন কৰি আছে। তেওঁলোকৰ লগত জোঁত বান্ধিছে। তাৰে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে সাধাৰণ ৰাইজক হিতাধিকাৰী আঁচনিৰ যোগেদি।

ইয়াৰ পৰিণতি অতি স্পষ্ট— অসমীয়াৰ ওপৰত অৰ্থনৈতিক আৰু ভাষিক-সাংস্কৃতিক দখল আৰু আধিপত্য। এইবোৰ আমি জয়ধ্বনি কৰি নতশিৰে মানি লৈছোঁ। ইয়াতকৈ আৰু অসম, অসমীয়াক  কি কৰুণ অৱস্থা লাগে! আকৌ কৈছোঁ— অসমে মনত ৰখা ভাল যে এই ভাষিক আধিপত্য আৰু সাংস্কৃতিক আধিপত্য প্ৰকৃততে ৰাজনৈতিক আৰু অৰ্থনৈতিক আধিপত্যহে। আমাৰ ভাষা, মাটি-পানী-হাবিৰ অধিকাৰ এতিয়া আৰু আমাৰ হাতত নাই। আমাৰ ভাষাত তেওঁলোকৰ দখল, আমাৰ মাটিত তেওঁলোকৰ দখল, আমাৰ পানীত তেওঁলোকৰ দখল, আমাৰ হাবিত তেওঁলোকৰ দখল।এই  আৰ এছ এছ-বিজেপি দখলদাৰী হিন্দুস্তানী। তেওঁলোকৰ আগ্ৰসন প্ৰতিহত কৰাত কোন কোন ব্যৰ্থ হৈছে? আমি সকলো। প্ৰথম শাৰীত থাকিব আমাৰ ৰাজনৈতিক শ্ৰেণীটো— বিৰোধী ৰাজনৈতিক শিবিৰটো।

এই শ্ৰেণীটোৱে আমাৰ অধিকাৰক সুৰক্ষা দিয়াত বৰ পুতৌজনকভাৱে ব্যৰ্থ হৈছে। তাৰ পিছত থাকিব বহতীয়া প্ৰচাৰ মাধ্যম, তাৰ পিছত আহিব নাগৰিক সমাজ আৰু শিক্ষিত সমাজ। তেওঁলোকে আমাৰ ওপৰত হিন্দী জাপি দিছে। আমি সামাজিক মাধ্যমৰ যোগেদি তাৰ বিৰোধিতা কৰিছোঁ। কিন্তু আৰ এছ এছ-বিজেপিয়ে জানো কেতিয়াবা গণতান্ত্ৰিক বিৰোধিতাক গুৰুত্ব দিয়ে? কেতিয়াও নিদিয়ে। এওঁলোকে ক্ষমতাৰ ৰাজনীতিৰ বাহিৰে একো বুজি নাপায়। অথচ, সেইটো বুজিবলৈ আমি সকলো এতিয়াও অসমৰ্থ। ৰাজনীতি যেন আগৰ দৰেই হৈ আছে— আমাৰ মূঢ়, অজলা বিশ্বাস। এয়া নহয়, আৰু বেয়া দিন আহি আছে।তাৰবাবে সাজু হৈ থাকক!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd