উজনি অসমত আপ নেত্ৰী আতিশীৰ বিশাল ৰোড শ্ব’; অসম চৰকাৰে ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰা প্ৰসংগত সৰব আতিশী

সমাগত’২৪ৰ লোকসভা নিৰ্বাচন৷ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত সাজু হৈছে আম আদমী পাৰ্টি৷ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলায় আপ নেত্ৰী আতিশীয়ে৷প্ৰচাৰকালত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আতিশী৷

অতিশীয়ে অভিযোগ কৰে যে, “অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ – ছাত্ৰী নোহোৱাৰ অজুহাতত স্কুলবোৰ বন্ধ কৰিছে। প্ৰকৃততে এই বিদ্যালয় সমূহত চৰকাৰে শিক্ষা দানৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ তথা আচবাব পত্ৰ যোগান দিয়াত ব্যৰ্থ হৈছে। সেইবাবেই বিদ্যালয় সমূহ বন্ধ কৰিছে। আনহাতে দিল্লী চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতকৈ উন্নত চৰকাৰী বিদ্যালয় স্থাপন কৰি দৃষ্টান্ত দেখুৱাইছে।” দিল্লীৰ দৰে অসমতো উন্নত শিক্ষানুষ্ঠান আৰু মহল্লা ক্লিনিকৰ পোষকতা কৰে আতিশীয়ে।

তেওঁ কয়, – বিজেপিয়ে বিদেশী বহিস্কাৰৰ কথা কৈছিল। কিন্তু তেওঁলোকে তাৰ বিপৰীতে ‘কা’ বলবৎ কৰি বিদেশীক স্বদেশী কৰাৰ পোষকতা কৰিছে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াত ব্যৰ্থ হৈছে। অথচ ‘কা’ বলবৎ কৰাৰ জৰিয়তে বিদেশীক মাটি ভেটি দিয়াৰ ব্যৱস্থা কৰিছে বিজেপিয়ে। ‘ এনেদৰে শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্যৰে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক নিৰ্বাচনত বিজয়ী কৰিবলৈ আহ্বান জনায় দলৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকীয়ে ।

দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰেও উন্নয়নৰ সপক্ষে আৰু বৰ্তমান চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। সভাত দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মায়ো ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বাংগীন বিকাশৰ হকে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।

মাৰ্ঘেৰিটাৰ নিৰ্বাচনী সভা শেষ হোৱাৰ পাছত তিনিচুকীয়াৰ দহোতীয়াচুক বিহুতলীৰ পৰা আৰম্ভ হোৱা এক বিশাল ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰি চহৰৰ মূল পথ সমূহ পৰিভ্ৰমণ কৰে আতিশীয়ে। মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াৰ দুয়োটা কাৰ্যসূচীতে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়েও অংশগ্ৰহণ কৰে।