মঙলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি

বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ

“যোৱা ২০ জুনত দুপৰীয়া প্ৰায় ১  বজাত সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব হিচাপে পৰিচয় দিয়া এজন লোকে আম আদমী পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকাক মবাইল ফোনযোগে ভাবুকি দিয়ে। এগৰাকী ব্যৱসায়ী হিচাপেও পৰিচিত আপৰ নেতাগৰাকীক অচিনাক্ত ফোন নম্বৰৰ পৰা ভাবুকি দি কয় যে আখতাৰুল ইছলামে যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে শাসকীয় দলটোৰ নেতা – পালিনেতা সকলৰ সৈতে বুজাবুজি কৰিব লাগিব।  সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব বুলি পৰিচয় দিয়া লোকজনৰ এনে অযুক্তিকৰ দাবীৰ প্ৰত্যুত্তৰ দিয়াত আপৰ জিলা সভাপতি আখতাৰুল ইছলাম হাজৰিকাক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। যোৱা ২০ জুনত  ফোন যোগে প্ৰাণনাশৰ ভাবুকি দিয়াৰ পাছত দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ” আজি আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এইদৰে কয়।

আপৰ মুখপাত্ৰ গৰাকীৰ অভিযোগ -” বিজেপি দল তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিজেপি চৰকাৰৰ বাবে এতিয়া ভয়ৰ কাৰণ হৈছে আম আদমী পাৰ্টি। অসমত সাধাৰণ ব্যৱসায়ৰ সৈতে জড়িত আপৰ নেতা-কৰ্মীক তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ব্যৱসায় বাণিজ্য কৰিবলৈ শাসক দলৰ সৈতে বুজাবুজি কৰা বা কোনো নেতাৰ পৰা অনুমতি লোৱাৰ কথা অবান্তৰ। “

সংবাদমেলত আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে আখতাৰুল ইছলাম হাজৰিকাৰ অভিযোগৰ  তদন্ত কৰি আৰক্ষীক অনতিবিলম্বে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সংবাদমেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু দৰং জিলা সমিতিৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকাও উপস্থিত থাকে।