ৰাজ্যৰ ভিন্ন প্ৰান্তত আপৰ সমূহীয়া অনশন : কেজৰিৱালৰ মুক্তি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা

আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তি তথা সুস্বাস্থ্য প্ৰাৰ্থনাৰে আজি সমগ্ৰ দেশতে আম আদমী পাৰ্টিয়ে সমূহীয়া উপবাস কাৰ্যসূচী পালন কৰে।

অসমতো আপৰ ৰাজ্যিক কমিটিৰ উপৰি বিভিন্ন জিলা কমিটিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। গুৱাহাটীস্থিত চচলৰ প্ৰতিবাদ স্থলীত সমূহীয়া উপবাস কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ, জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো, সংবাদ কোষৰ সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমৰ উপৰি অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনশন কাৰ্যসূচী পালন কৰে দলৰ শতাধিক নেতা-কৰ্মীয়ে।

আনহাতে শোণিতপুৰ জিলাত সমূহীয়া অনশন কাৰ্যসূচীত দলৰ ৰাষ্ট্ৰীয় নেতা মনিষ কৌশিকে অংশগ্ৰহণ কৰে। তেজপুৰ কেটকীবাৰী স্থিত মূখ্য কাৰ্য্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা কেজৰিৱালৰ সুস্বাস্থ্য কামনা কৰি দিনযোৰা উপবাস  কাৰ্যসূচী গ্ৰহণ কৰা হয়।

উল্লেখ্য যে আম আপৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মালয়েছিয়া পৰা তেজপুৰ অভিমুখে অহা প্ৰশান্ত কুমাৰ নামৰ এগৰাকী অনুৰাগীয়ে উক্ত অনশনত ভাগ লয়।

আনহাতে গোলাঘাট, ধেমাজি, ডিমৌ, বজালী, নগাঁও, ৰহা আৰু বৰপেটাতো আপৰ নেতা কৰ্মী সকলে সমূহীয়া উপবাস পালন কৰে।