অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী ডাঃ ভবেন চৌধুৰীৰ

“অসমৰ ১৯ খন জিলাৰ ৬৭ টা ৰাজহ চক্ৰ এলেকা বানৰ কবলত পৰিছে। ভয়ংকৰ বানে প্ৰাণ কাঢ়ি নিছে ২৭ জন লোকৰ। সম্প্ৰতি বান পৰিস্থিতি কিছু শাম কাটিলেও বানত গৃহহীন হোৱা ক্ষতিগ্ৰস্ত লোকৰ বাবে প্ৰশাসনে এতিয়ালৈকে পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। বিভিন্ন জিলাত বহুলোকে মথাউৰি, শিক্ষানুষ্ঠান আদিত আশ্ৰয় লৈ আছে। আশ্ৰয় শিবিৰ সমূহত পৰ্যাপ্ত সাহায্য লাভৰ পৰাও বঞ্চিত হৈছে। আমি জিলাই জিলাই আম আদমী পাৰ্টিৰ স্বেচ্ছাসেৱক সকলক বান পীড়িত তথা দুৰ্গত লোকৰ কাষত থিয় দিবলৈ আহ্বান জনাইছোঁ। প্ৰশাসনৰ সৈতে সহযোগিতা কৰি বন্যাৰ্ত লোকৰ উদ্ধাৰ আৰু সাহায্য অভিযানত আপৰ স্বেচ্ছাসেৱক সকলক কাম কৰিবলৈ ৰাজ্যিক কমিটীৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।” – আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এইদৰে কয়।

আপৰ নেতাগৰাকীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ লগতে বান বিধ্বস্ত অঞ্চলৰ বাবে বিশেষ কেন্দ্ৰীয় পুঁজি আবন্টন দিবলৈ আহ্বান জনায়। বানত ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা কৃষক সকলৰ বাবেও আপৰ ৰাজ্যিক সভাপতি

ডাঃ ভবেন চৌধুৰীয়ে বিশেষ চৰকাৰী সাহায্যৰ দাবী কৰে। আপৰ নেতাগৰাকীয়ে কয়, তদুপৰি ৰাজ্যখনত অনবৰতে সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাতো বহুলোক ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন স্থানত শিশু সহ কেইবাগৰাকীও লোকৰ ভূমিস্খলনত মৃত্যু হৈছে। ৰাজ্যবাসীৰ জীৱন- জীৱিকাৰ প্ৰতি সততে ভাবুকি কঢ়িয়াই অনা বান-ভূমিস্খলনৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পিত ব্যৱস্থা হাতত লোৱা উচিত।”