বিজেপি চৰকাৰৰ এবছৰীয়া কাৰ্যকাল: বিফলতাৰ প্ৰতিচ্ছবি দাঙি ধৰি আপৰ প্ৰতিবাদ

AAP protests

আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এক বছৰ সম্পূৰ্ণ হ’ল। বিজেপি চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ বিফলতাৰ প্ৰতিচ্ছবি দাঙি ধৰি আজি দীঘলীপুখুৰীৰ পাৰত আম আদমি পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদত ভাগ লোৱা আপ নেতৃত্বই কয়, “বিগত এটা বছৰত মূল্যবৃদ্ধিক লৈ একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক।”

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে এইপৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰে আপ অসমে।

তদুপৰি এক লাখ নিবনুৱাক চাকৰি দিয়াৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ বিফল হৈছে বুলিওআপে অভিযোগ কৰে।

আম আদমি পাৰ্টীৰ এগৰাকী কৰ্মীয়ে কয় “বিজেপি চৰকাৰৰ খনে কেৱল প্ৰতিশ্ৰুতি দিয়া হে দেখা পোৱা গ’ল। এক বছৰে এইখন বিজেপি চৰকাৰ কোনো কামতেই সফল ন’হল।”

“মূল্যবৃদ্ধি, নিবনুৱাক চাকৰি,মাটিৰ পট্টাকে আদি কৰি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা এটা কামো সম্পূৰ্ণ নকৰিলে এইখন বিজেপি চৰকাৰে।”- তেওঁ লগতে কয়।

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। সোমবাৰে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে অমিত শ্বাহে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিৰ্মিত বিশেষ ব্যৱস্থা থকা(ছুপাৰস্পেচিয়েলিটী) হাস্পতাল আৰু আমিনগাঁৱত লোকপিয়ৰ সঞ্চালকালয় কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে শ্বাহে।