থানাৰ লক আপত যুৱকৰ মৃত্যুক লৈ আপৰ প্ৰতিক্ৰিয়া

পুনৰ আৰক্ষী থানাত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ সৰৱ হ’ল আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি ডাঃ ভবেন চৌধুৰী।

তিনিচুকীয়া জিলাৰ টঙনা থানাৰ লক আপত দেওবাৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল ধনজিৎ মৰাণ নামৰ এজন ২২ বছৰীয়া যুৱকৰ। এদিন পূৰ্বে ছাগলী চুৰিৰ অভিযোগত টঙনা আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক।

আম আদমী পাৰ্টিয়ে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে। দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, “কেইদিনমান পূৰ্বেও লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী থানাত লক আপত আশ্ৰৱ আলী নামৰ আন এজন যুৱকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বেও বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী থানা, বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানা, নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাতো এজনকৈ অভিযুক্তৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। এই ঘটনা সমূহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ স্বৈৰাচাৰী স্বৰূপ উদঙাই দেখুৱাইছে।  কোনো অভিযোগৰ ভিত্তিত একাংশ লোকক গ্ৰেপ্তাৰ কৰি বিচাৰ প্ৰক্ৰিয়াৰ বাবে আদালতলৈ প্ৰেৰণ কৰাৰ পূৰ্বেই আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবেই এই সকল লোকে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে। আৰক্ষীৰ জিম্মাত আচামীৰ মৃত্যুৰ ঘটনা এখন গণতান্ত্ৰিক চৰকাৰৰ কাৰ্যকালত চৰম লজ্জাজনক ঘটনা। আৰক্ষীৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। এই ধৰণৰ ঘটনাই অভিযুক্ত সকলৰ মানৱাধিকাৰ উলংঘা কৰিছে।”