মালিগাঁৱত নিৰ্মীয়মান উৰণীয়া সেঁতুত লোৰ পাত খহি পৰা ঘটনাৰ উচিত তদন্তৰ দাবী আম আদমি পাৰ্টীৰ 

নাগৰিকৰ সুৰক্ষা নিশ্চিত নকৰাকৈ নিৰ্মাণ কাৰ্য চলাই যোৱাৰ বাবে এনে দুৰ্ঘটনা হ'বলৈ পালে: ডা৹ ভবেন চৌধুৰী 

গুৱাহাটীৰ মালিগাঁৱত নিৰ্মীয়মান উৰণীয়া সেঁতুত লোৰ পাত খহি পৰি দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। আঘাতপ্ৰাপ্ত দুয়োজন লোকৰ আশু আৰোগ্য কামনা কৰিছে দলটোৱে। 

ব্যস্ততাপূৰ্ণ মালিগাঁও অঞ্চলত নিৰ্মীয়মান উৰণীয়া সেঁতুত কিদৰে লোৰ পাত তললৈ সৰি পৰিল, সেই সন্দৰ্ভত এক উচিত তদন্তৰ দাবী কৰে আম আদমি পাৰ্টীয়ে। বিল্ডিং এণ্ড আডাৰ কনষ্ট্ৰাকচন এক্ট, ১৯৯৬ৰ অধীনত ঠিকাদাৰ প্ৰতিষ্ঠানে সুৰক্ষাৰ দিশসমূহ চালি-জাৰি চাইহে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। তেনেস্থলত এনে দুৰ্ঘটনাত সংঘটিত হ’ব নালাগিছিল। 

অনুজ্ঞাপত্ৰ দিয়াৰ সময়ত শ্ৰম আয়ুক্তই কোনো পৰীক্ষা কৰা নাছিল নেকি? শ্ৰম বিভাগৰ বিষয়াই কৰিবলগীয়া নিয়মীয়া সুৰক্ষা ব্যৱস্থাৰ তদাৰক কৰা হোৱা নাছিল নেকি? এই সকলো দিশ সামৰি তদন্ত হ’ব লাগে বুলি দাবী কৰে দলটোৱে।

আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে বিষয়টোত সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানে কৰা এক অক্ষমনীয় অপৰাধ বুলি অভিহিত কৰি কয় যে আৰম্ভণিৰে পৰা সুৰক্ষা ব্যৱস্থা সঠিক হোৱা হ’লে এনে দুৰ্ঘটনা হ’বলৈ নাপালেহেঁতেন। 

মালিগাঁৱৰ নগতে জু-ৰোডত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলেৰে পাৰ হৈ যোৱাৰ সময়ত সকলো নাগৰিকে ঈশ্বৰৰ নাম ল’বলগীয়া হোৱাটোৱে সংশ্লিষ্ট বিভাগ আৰু চৰকাৰৰ কামত যে জনতাৰ বিশ্বাস হেৰাই গৈছে তাকে প্ৰতীয়মান কৰে। 

কিছুদিনৰ পূৰ্বে এনে উৰণীয়া সেঁতুৰ ওপৰত জ্বালাইৰ কাম কৰি থকা আৰু জুইৰ ফিৰিঙতি তলেৰে গৈ থকা মটৰৰ ওপৰত পৰা দৃশ্য সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছিল। তাৰ পাছতো কিন্তু নাগৰিকৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল। 

চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ এনে উদাসীনতাই অনাগত দিনত মালিগাঁৱৰ দুৰ্ঘটনাতকৈ ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে। 

অনাগত দিনত যাতে নিৰ্মাণ কাৰ্যত যাতে এনে ঘটনা সংঘটিত নহয়, তাক নিশ্চিত কৰাৰ দাবী কৰে দলটোৱে। আনহাতে, আহত লোক দুজনৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে ল’ব লাগে আৰু আইন অনুসৰি দুয়োজন আগতকৈ এককালীন সাহাৰ্য্য দি বলৈও দাবী কৰে আম আদমি পাৰ্টীয়ে।