১২৬ সমষ্টিত প্ৰাৰ্থীত্বৰে ২০২১-ৰ অসম বিধান সভা নিৰ্বাচনলৈ সাজু আপ

দূৰ্নীতিমুক্ত নিৰ্মল সমাজ গঠনৰ লগতে অসমক প্ৰগতিশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যৰে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত পুৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টি ৷

ৰাইজে বিচাৰিলে ২০২১ নিৰ্বাচনত ১২৬ টা সমষ্টিতে দলটোৱে প্ৰাৰ্থী দিব বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত কয় আম আদমী পাৰ্টি অসমৰ ৰাজ্যিক সমন্বয়ক ডা০ ভবেন চৌধুৰীয়ে।

দুৰ্নীতি, মধ্যভোগীৰ দৌৰাত্ম্য, উৎপাদনশীল কৃষি ব্যৱস্থাৰ বাবে চৰকাৰী অনীহা, জনপ্ৰতিনিধিৰ দায়িত্বহীনতা, উদ্যেগ স্থাপনত উপযুক্ত কাৰ্য্যকুশলতাৰ অভাৱ, পৰ্যটন উদ্যোগক প্ৰকৃত উৎসাহ দিয়া আন্তঃগাঠনি নিৰ্মানত ব্যৰ্থতা, উৎপাদিত সামগ্ৰীৰ পৰিবহনৰ ক্ষেত্ৰত সস্তীয়া ব্যৱস্থাৰ সূচলতাৰ ব্যৱস্থা নকৰা, দূৰ্নীতি নিবাৰণত ব্যৰ্থ ইত্যাদি কাৰকে অসমক প্ৰগতিশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় বুলি মত ব্যক্ত কৰে চৌধুৰীয়ে।

সাৰদা, ৰোজভেলিৰ দূৰ্নীতিৰ পৰা শিক্ষা, স্বাস্থ্য, বানপানী, গৰাখহনীয়া, নাগৰিকত্ব সংশোধনী আইন, কৃষিভিত্তিক উদ্যোগ স্থাপন, পৰ্যটন, পৰিবহন আদি বিষয়ক লৈ আম আদমি পাৰ্টি অসমে ৰাইজে বিচাৰিলে ১২৬ টা সমষ্টিতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিব দিয়ে চৌধুৰীয়ে।

আনহাতে, বাঘজানৰ ঘটনা সন্দৰ্ভত ক্ষতিগ্ৰস্ত লোক সকলক উচিত ক্ষতিপুৰণ দিয়াৰ লগতে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অনা এই দুৰ্ঘটনাটো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনাই আম আদমি পাৰ্টিয়ে ৷

ইপিনে, ল’কডাউনৰ সময়ত অসমলৈ ঘূৰি অহা কৰ্মহীন শ্ৰমিকসকলৰ বাবে কৰ্ম সংস্থাপনৰ সৃষ্টিৰ বাবেও চৰকাৰক আহ্বান জনায় দলটোৱে।