সোমবাৰে গ্ৰেপ্তাৰ হ’ব মনীষ চিছ’দিয়া! চিবিআইৰ চমনৰ পাছতে দাবী আপৰ

Manish Sisodia

আবকাৰী নীতি সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক পুনৰ চমন জাৰি কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ। আম আদমী পাৰ্টিৰ নেতাগৰাকীক সোমবাৰে পুৱা ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

চিবিআইৰ এই চমনৰ পিছতে আম আদমী পাৰ্টীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে। আপৰ দাবী অনুসৰি কাইলৈ চিবিআইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হ’ব।

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে চিছ’দিয়াৰ বিৰুদ্ধে জাৰি কৰা এই চমন সন্দৰ্ভত মন্তব্য কৰি আগন্তুক গুজৰাট নিৰ্বাচনৰ বাবেই চিছ’দিয়াৰ বিৰুদ্ধে এই ষড়যন্ত্ৰকৰা হৈছে বুলি অভিযোগ কৰিছে।

তেওঁ কয় যে বিজেপি আৰু আপ এতিয়া গুজৰাট নিৰ্বাচনৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দী। আপৰ উত্থানত শংকিত হৈ সেয়ে দলৰ অন্যতম শীৰ্ষ নেতা মনীষ চিছ’দিয়াক লক্ষ্য কৰি লোৱা হৈছে বুলি সৌৰভ ভৰদ্বাজে দাবী কৰিছে।

আনহাতে চিবিআইৰ চমনৰ পাছতে এক টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিছ’দিয়াই। টুইটটোত চিছ’দিয়াই কয়, “মোৰ ঘৰত ১৪ ঘণ্টা ধৰি চিবিআইৰ অভিযান চলোৱা হৈছিল, কিন্তু একো প্ৰমাণ পোৱা নাছিল।”

“মোৰ বেংকৰ লকাৰতো অভিযোগ চলোৱা হৈছিল, ইয়াতো একো ওলোৱা নাছিল। তেওঁলোকে মোৰ গাঁৱতো একো পোৱা নাছিল। এতিয়া তেওঁলোকে মোক কাইলৈ পুৱা ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়লৈ মাতিছে। মই গৈ মোৰ সম্পূৰ্ণ সহযোগিতা দিম। সত্যমেৱ জয়তে।”— চিছ’দিয়াই লগতে কয়।

উল্লেখ্য যে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতিৰ প্ৰস্তুত আৰু কাৰ্যকৰী কৰণত অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে আগষ্ট মাহত চিবিআইয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

তাৰ পিছতে আইএএছ বিষয়া আৰু দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰাভা গোপী কৃষ্ণাৰ বাসগৃহ, মনীষ চিছ’দিয়াৰ দিল্লীৰ বাসগৃহৰ লগতে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩১ টা স্থানত তালাচী চলাইছিল।

চিবিআইৰ অভিযানৰ পাছতে চিছ’দিয়াৰ লগতে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপিয়ে আপৰ কৰ্মমুখী ৰাজনীতিত ভীতিগ্ৰস্ত হৈয়ে চিবিআই- ক এনেদৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছিল।

শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হিচাপে আপৰ গুৰুত্বপূৰ্ণ উত্থান ঘটিছে। এনে উত্থানত শংকিত হৈয়ে বিজেপিয়ে চিছ’দিয়াক লক্ষ্য কৰি লৈছে বুলি আপে দাবী কৰিছিল।

তাৰ পিছতেই মনীষ চিছ’দিয়াই বিজেপিৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। চিবিআইৰ অভিযানৰ মাজতে যদি চিছ’দিয়াই আম আদমী পাৰ্টি (আপ) ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ বন্ধ কৰা হ’ব বুলি বিজেপিয়ে এক প্ৰস্তাৱ আগবঢ়োৱা বুলি দাবী কৰিছিল চিছ’দিয়াই।

বিজেপিৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চিছ’দিয়াই বিজেপিৰ তেওঁৰ বিৰুদ্ধে যি ইচ্ছা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।