• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বাৰেপতি মনেসজা ভাগিনৰ নামলৈ নিজৰ ব্যৰ্থতা কিয় ঢাকিবলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে?’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 12:50 pm
120
VIEWS
Share on FacebookShare on Twitter

একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষা অনুস্থিত কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কালি ফেচবুক লাইভত প্ৰকাশ কৰা বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে৷

আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ অসম ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, পৰীক্ষা আৰু পৰীক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰীয়ে অসমত অশুভ পৰম্পৰা সৃষ্টি কৰিব বিচাৰিছে ৷

তেওঁ কয় যে, পৰীক্ষা এক পৱিত্ৰ ব্যৱস্থা, এই ব্যৱস্থা শৈক্ষিক ক্ষেত্ৰখনত এৰাই চলিব পৰা নাযায় ৷ ছাত্ৰ ছাত্ৰী এক সুন্দৰ মন আৰু পৱিত্ৰ অন্তৰ আত্মা লৈ পৰীক্ষালৈ সাঁজু হয়, পৰীক্ষাত ভাল ফলাফল লাভৰ সপোন ৰচে ৷ গতিকে মুখ্যমন্ত্ৰীয়ে একাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ ফেচবুক লাইভত প্ৰকাশ কৰা বক্তব্য প্ৰত্যাহাৰ কৰিব লাগে ৷

একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষাকেইটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুস্থিত কৰিব লাগে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে, তেওঁ পৰহি গহপুৰলৈ যাওঁতে এগৰাকী ছাত্ৰীক লগ পাইছিল ৷ মুখ্যমন্ত্ৰীক মামা সম্বোধন কৰি ছাত্ৰী গৰাকীয়ে বোলে কৈছিল যে একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষাকেইটা পাতিব নালাগে ৷

মুখ্যমন্ত্ৰীৰ এই বক্তব্য হাস্যকৰ বুলি মত প্ৰকাশ কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন )জনে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয়, “মুখ্যমন্ত্ৰী মহোদয়, বাৰেপতি মনেসজা ভাগিনৰ নামলৈ নিজৰ ব্যৰ্থতা কিয় ঢাকিবলৈ চেষ্টা কৰে ?”

পৰীক্ষা কেতিয়া হ’ব আৰু ফলাফল কেতিয়া ওলাব সেই দিনবাৰ ঘোষণা মুখ্যন্ত্ৰীয়ে কৰাটো কিমান সমীচিন বুলি প্ৰশ্ন উত্থাপন কৰি আম আদমি পাৰ্টী অসমৰ নেতাজনে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, “আপুনি অসমৰ মুখ্যমন্ত্ৰী, গতিকে আপোনাৰ মনলৈ আহিল বুলিয়েই সকলো কথা ৰাজহুৱা কৰাটো উচিত জানো ? আপুনিয়েই যে সকলো কথা ঘোষণা কৰে, এইবোৰ কৰিবলৈ চৰকাৰৰ বিভাগসমুহৰ উৰ্দ্ধতম কৰ্তৃপক্ষ নাই নেকি?”

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd