পঞ্চায়ত নিৰ্বাচনৰ বাবে ‘আপ’ৰ শ্লোগান মুকলি : আৰম্ভ হ’ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া

ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে আম আদমী পাৰ্টিয়ে। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰে ৰাজ্যৰ সকলো গাওঁ পঞ্চায়ত আৰু জিলা পৰিষদতে দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প ঘোষণা কৰে।

সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে আনুষ্ঠানিক ভাৱে পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ বাবে আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলে অনলাইন অথবা অফলাইন পদ্ধতিত এই আবেদন পত্ৰ দাখিল কৰিব পাৰিব।

সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই পঞ্চায়ত নিৰ্বাচনক লৈ দুটা বিশেষ দলীয় শ্লোগান যথাক্ৰমে  ” আমাৰ গাওঁ, আমাৰ পঞ্চায়ত, আমাৰ উন্নষন” আৰু “স্বচ্ছ পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে আগুৱাই যাওঁক” শীৰ্ষক শ্লোগান মুকলি কৰে।

আনহাতে, দলৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনি ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰী বৈষম্যৰ বিৰুদ্ধে সৰৱ হয় ।

তেওঁ কয়,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিয়ে, অথচ অসমত বিজেপি চৰকাৰে ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলৰ ৫০ হাজাৰতকৈ অধিক ছাত্ৰীক নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত কৰিছে। আম আদমী পাৰ্টিয়ে চৰকাৰক ভেঞ্চাৰ স্কুলৰ ছাত্ৰী সকলকো আঁচনিৰ ধন প্ৰদান কৰিবলৈ দাবী জনাওঁ।”

সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়,”জলজীৱন আঁচনি ৰূপায়নত চৰকাৰ ব্যৰ্থ হৈছে। বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰে সপ্তাহত দুবাৰকৈ ঋণ লৈছে, অথচ জলজীৱন আঁচনি ৰূপায়নৰ বাবে ঠিকাদাৰক ধন আদায় দিব পৰা নাই। ঋণত পোত যোৱা চৰকাৰে কৃষি বিপনণ পৰিষদৰ কৰ্মচাৰীৰ ১৭ মাহে দৰমহা আদায় দিব পৰা নাই। দৰমহা নাপাই নলবাৰীৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰিছে। এই ঘটনাই বৰ্তমান চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে।”

সংবাদমেলত আপৰ নৱ নিযুক্ত মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পলো উপস্থিত থাকে ।