NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডললৈ আৰণ্যকৰ গাড়ী প্রদান

May 21, 2020 11:00 am · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুনকৈ গঠন কৰা বিশ্বনাথ বন সংমণ্ডলক দেশৰ অন্যতম বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেশ্যনেল ৰাইন’ ফাউণ্ডেশ্যনৰ সহযোগত এখন গাড়ী প্রদান কৰে।

বুধবাৰে আনুষ্ঠানিকভাৱে আৰণ্যকৰ হৈ ইন্টাৰনেশ্যনাল ৰাইন’ ফাউন্ডেশনৰ কনসালটেন্ট ৰাহুল দত্তই এই নতুন বলে’ৰ কেম্পাৰ গাড়ীখন  বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ মুকুট চন্দ্ৰ দাসৰ হাতত প্রদান কৰে।

আৰণ্যকৰ সচিব প্রধান ড০ বিভৱ কুমাৰ তালুকদাৰৰ মতে, ‍‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি নতুনকৈ স্থাপন কৰা বিশ্বনাথ বন সংমণ্ডলৰ বাবে এই গাড়ীখন প্ৰদান কৰা হৈছে’।

উল্লেখযোগ্য যে ইয়াৰ পূর্বেও অর্থাৎ বিগত বৰ্ষত আৰণ্যকে ইন্টাৰনেশ্যনল ৰাইন’ ফাউণ্ডেশ্যনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এখন জীপচী আৰু দুখন মহেন্দ্ৰ থাৰ গাড়ী প্রদান কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰণ্যকে আগবঢ়োৱা এই সহায়ৰ বাবে বন সংমণ্ডলৰ ডি এফ অ’ মুকুট চন্দ্ৰ দাসে প্ৰকৃতি সংগঠনটোক ধন্যবাদ জ্ঞাপন কৰে।

Related News