আদিবাসী জাতীয় মঞ্চক জাতিগত প্রমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব দিয়ক: আছা

‘ৰাজনীতি কৰক কোনো কথা নাই ৷ কিন্তু আমাৰ সংস্কৃতি, ইতিহাস আৰু পৰিচয়ৰ ওপৰত যাতে কোনেও ৰাজনীতি নকৰে সেয়া আমি সকিয়াই দিছো ‘৷ এই মন্তব্য কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ সভাপতি প্ৰদীপ নাগে ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত বঙাইগাঁও চহৰৰ ৰাজপ্লেচ হোটেলৰ সভাকক্ষত নামনি অসমৰ পাঁচখন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাৰ পিচত সংবাদ মাধ্যমৰ আগত সভাপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে ৷ এই সভাত মূলতঃ জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বিষয়টোৰ লগতে জনজাতিকৰণ আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

আছাৰ সভাপতি প্ৰদীপ নাগে কয় যে যোৱা ১৫ মার্চত কেবিনেট সিদ্ধান্ত অনুসৰি আদিবাসীসকলৰ জাতিগত প্রমাণ পত্র প্রদান কৰাৰ কৰ্তৃত্ব চাহ জনগাোষ্ঠী সম্মিলনীক দিয়া হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে ৷ কিন্তু চৰকাৰে চাহ জনগোষ্ঠী সন্মিলনীৰ জৰিয়তে আদিবাসীসকলক জাতিৰ প্ৰমাণ পত্ৰ অৰ্থাৎ অ বি চি চাৰ্টিফিকেট প্ৰদান কৰিব বিচৰা সিদ্ধান্তৰ আছাই বিৰোধিতা কৰে৷ যদি চাহ জনগোষ্ঠী সন্মিলনীৰ জৰিয়তে প্ৰদান কৰিব পাৰে, তেতিয়াহলে কিয় আদিবাসী জনগোষ্ঠী সন্মিলনী গঠন কৰি জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব দিব নোৱাৰে বুলি প্ৰশ্ন কৰে আছাৰ নেতাগৰাকীয়ে।

চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে আদিবাসী জাতীয় মঞ্চ, আদিবাসী সাহিত্য সভাৰ সৈতে কিয় আলোচনা নকৰিলে বুলিও তেওঁ চৰকাৰক প্ৰশ্ন কৰে ৷ তেওঁ কয়—’ ধুবুৰীৰ পৰা শদিয়ালৈকে মুণ্ডা, ওৰাং, খাড়িয়া , চানতাল আদিবাসী লোকসকলক থকাৰ পিচতো এই জাতিটোক চিনি পায়ো নিচিনাৰ ভাও জোৰাত আমি বহু দুখ পাইছো ৷ সেয়ে এই সভাত আলোচনা হৈছে যদিহে চৰকাৰে আদিবাসীসকলক এইদৰে অৱহেলা কৰি থাকে তেতিয়াহলে আমিও অসমত জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ম ‘৷

চৰকাৰৰ সিদ্ধান্তত ক্ষুদ্ধ আছাৰ সভাপতি নাগে লগতে কয় যে যদি বাৰে বাৰে চাহ জনগোষ্ঠীৰ নামতে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰি থাকে, তেতিয়াহলে বুজি উঠিব লাগিব যে আদিবাসীসকলক জনজাতিকৰণ নিদিয়াৰ এয়া এক বৃহৎ ষড়যন্ত্ৰ ৷