সাংসদ পল্লৱলোচন দাস আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিশানৰ প্ৰতিকৃতি দাহেৰে মাৰ্ঘেৰিটাত আছাৰ উত্তাল প্ৰতিবাদ

ফটো-নৰ্থ-ইষ্ট নাও

অসমত বসবাস কৰা বৃহৎ আদিবাসী জনগোষ্ঠীৰ ৩৬ টা জাতি, উপ-জাতিক বিজেপি চৰকাৰে জনজাতিকৰণ কৰাৰ সিদ্ধান্তত বাধা প্ৰদান কৰা তেজপুৰৰ সাংসদ পলৱলোচন দাস, শ্ৰম মন্ত্ৰী সঞ্জয় কিশান বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰ মাৰ্ঘেৰিটা সমতিয়ে।

মাৰ্ঘেৰিটা মাকুম বাগান তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আছাৰ অৰ্ধশাতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দিয়াৰ লগতে তেজপুৰৰ সাংসদ পলৱলোচন দাস আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিশানৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ মৰ্যদা প্ৰদান নকৰিলে অসমত বিজেপি নেতৃত্বাধীন চৰকাখনক পুলিয়ে পোখাই উভালি পেলোৱা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত কিছুসময়ৰ বাবে যান-জঁ‌টৰ সৃষ্টি হয় যদিও প্ৰতিবাদস্থলীত উপস্থিত থকা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নৱনিযুক্ত আৰক্ষী বিষয়া উৎপল বৰাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ যোগ্য যে, মাৰ্ঘেৰিটা মহকুমাত যথেষ্ট সংখ্যক চাহ জনগোষ্ঠীয় লোকে দীৰ্ঘদিন ধৰি নিৰ্বাচনৰ সময়ত এক ৰ্নিণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে তেনেক্ষেত্ৰত চাহ জনগোষ্ঠীয় ৰাইজৰ জনজাতিকৰণ দাবীৰ লগতে অন্যান্য সমস্যা সমূহ নিৰ্বাচনৰ পূৰ্বে সমাধান নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰ শলঠেকত পৰাটো নিশ্চিত বুলি ৰাজনৈতিক ভূ ৰখা মহলৰ মাজত চৰ্চা চলিছে।

অৱশ্যে, এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে আগন্তক সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।