বানপানীক ৰাষ্ট্ৰীয় সমস্যা : ‘কংগ্ৰেছৰ ঘোষণা’ আৰু বিজেপিৰ নিৰ্বাচনৰ পূৰ্বৰ বিজ্ঞাপনতে সীমাবদ্ধ

গঙ্গাৰ ক্ষেত্ৰত যি পদক্ষেপ লয় আমাৰ ব্ৰহ্মপুত্ৰ উপনৈ সমূহৰ ক্ষেত্ৰত কেন্দ্ৰৰ অনীহা কিয়? প্ৰশ্ন ভট্টাচাৰ্য্যৰ

বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ নামত চূড়ান্ত প্ৰহসন শাসনাধিষ্ঠ বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ। ‘কংগ্ৰেছৰ ঘোষণা’ আৰু বিজেপিৰ নিৰ্বাচনৰ পূৰ্বৰ বিজ্ঞাপনতে সীমাবদ্ধ হৈ ৰৈছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা প্ৰসংগ।

উল্লেখযোগ্য যে ২০০৫ চনৰ ৫ মে’ত অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কত সেই সময়ৰ প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল। অসম চুক্তিৰ ৭ নং দফা অনুসৰি বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই। তাৰ পাছত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ জনসংযোগ বিভাগে ১৯ মে’ৰ দিনা বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰিছিল।

বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ আছিল যে স্বাধীনতাৰ পাছৰ ৫৭ বছৰে অপূৰ্ণ হৈ থকা অসমৰ ৰাইজৰ দাবী বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া হ’ব। ড০ মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়তে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত। কিন্তু পাছৰ সময়ছোৱাত সুৰ সলাইছিল কংগ্ৰেছ চৰকাৰে।

দ্বিতীয়তে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটোৱে বাতৰি কাকতৰ জৰিয়তে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে নিশ্চিতভাৱে ঘোষণা কৰা হ’ব বুলি ৭ এপ্ৰিলত বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই প্ৰতিশ্ৰুতি দি নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হৈ তথা এটা কাৰ্য্যকাল পাৰ কৰিলে, তথাপি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল।

ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয় ‘আমাৰ স্পষ্ট মত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে  সমাধান কৰিব লাগিব। অসমৰ ভেটিক টচনচ কৰা এই সমস্যাৰ সমাধান হ’বই লাগিব।’

তেওঁ লগতে কয় ‘কংগ্ৰেছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ পিছলৈ সুৰ সলনি কৰিলে। ঠিক সেইদৰে বিজেপিয়ে বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেয়া বাস্তৱত হৈ নুঠিল। আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিলে।‘

‘গংগাৰ ক্ষেত্ৰত যি পদক্ষেপ লয় আমাৰ ব্ৰহ্মপুত্ৰ উপনৈ সমূহৰ ক্ষেত্ৰত কেন্দ্ৰৰ অনীহা কিয় ?’ কেন্দ্ৰীয় চৰকাৰলৈ মুকলি প্ৰশ্ন আছুৰ উপদেষ্টা গৰাকীৰ।

তেওঁ আৰু কয় ‘অসম চৰকাৰে এই ক্ষেত্ৰত  যিদৰে গৰজিব লাগিছিল তাৰ বিপৰীত ছবি কিয় দেখা গৈছে? আমাক টেলিফোনত খবৰ লোৱা, প্ৰতিশ্ৰুতি দিয়া সময় উকলিল এতিয়া বান সমস্যা সন্দৰ্ভত উচিত সমাধান লাগে।‘