NORTHEAST NOW (Assamese)

পাটকাইৰ চালেকিত প্ৰস্তাৱিত কয়লাৰ মুক্ত খনন ! আছুৰ প্ৰতিবাদ, প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ছাত্ৰ মুক্তিৰ

May 22, 2020 9:24 pm · মানস প্ৰতীম গগৈ

কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ লেখাপানী থানাৰ অন্তৰ্গত চালেকিত মুক্ত কয়লাখননৰ বাবে অনুমতি প্ৰদান বুলি শেহতীয়াকৈ সামাজিক মাধ্যম আৰু বিভিন্ন সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছে।

চালেকিত কয়লাৰ মুক্ত খনন বন্ধ কৰাৰ দাবীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সংস্থাই উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা প্ৰন্ধকৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল গঢ়ি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অৱস্থিত এই চালেকিত শেহতীয়াকৈ ৯৮.৫৯০ হেক্টৰ  পাহাৰৰ ভূমিত কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক খননৰ কৰ্তৃত্ব প্ৰদান কৰিছে বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পাছতে  জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

এই  পাহাৰাঞ্চলত খনন চলোৱাৰ ফলত ঐতিহাসিক পাটকাই পাহাৰ এলেকাত পৰিৱেশ ধ্বংস হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী দল সংগঠন সমূহে।

এনে এখন ঐতিহাসিক পাহাৰ অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খননৰ অনুমতিত প্ৰদান কৰা বুলি যি চৰ্চা হৈছে সেই সম্পৰ্কে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত আজি  প্ৰতিবাদ সাব্যস্ত কৰি  চৰকাৰে লোৱা সিদ্ধান্তক বাতিল কৰিবৰ বাবে দাবী জনায়।

চৰকাৰী কয়লা খননৰ সিদ্ধন্ত পৰিহাৰ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে আছুৱে।

অনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জিলা সমিতিৰ উপদেষ্টা লক্ষ্যজ্যোতি গগৈ সভাপতি পাপু দত্তই স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰিছে যে ক’ৰ’না মহামাৰীৰ আতংকময় পৰিৱেশৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমৰ পাটকাই পাহাৰৰ চালেকিত ক’ল ইণ্ডিয়াৰ জৰিয়তে যি মুক্ত খননৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে স্মাৰক পত্ৰ যোগে  প্ৰতিবাদ কৰাৰ লগতে পাটকাই পাহাৰৰ বনভূমিত কয়লাৰ মুক্তখননৰ অনুমতি প্ৰদান নকৰিবলৈ আহ্বান জনাইছো।

Related News