• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“জাতি আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই”, আছুৰ নেতৃত্বত শিৱসাগৰবাসীৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 7, 2019 8:55 pm
805
VIEWS
Share on FacebookShare on Twitter

‘কেব’ৰ বিৰুদ্ধে আজি সন্ধিয়া শিৱসাগৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰৰ জেষ্ঠ্য নাগৰিক, ব্যৱসায়ী সন্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, মহিলা মঞ্চ, বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ নাগৰিকেও অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত।

সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা শিৱসাগৰ চহৰৰ মাজেদি এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি মুক্তিনাথ চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

আছু নেতা দীপাংকৰ শইকীয়াই আঁত ধৰা উক্ত প্ৰতিবাদী সভাত শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিক সোণাৰাম বৰুৱা, অনিল দত্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ইনামূল হাজৰিকা, ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা দিব্যজ্যোতি দত্তৰ লগতে বহু ব্যক্তিয়ে ‘কেব’ বিৰোধী মন্তব্য আগবঢ়ায়।

শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাই কয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত ‘কেব’ জাপি দি অসমীয়া ভাষা সংস্কৃতি বিপদত পেলাবলৈ আগবাঢ়িছে। সেইবাবে ‘কেব’ৰ বিৰুদ্ধে সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে ওলাই আহিব লাগে। লগতে ভাষা থাকিলেহে অসমীয়া জাতি থাকিব বুলিও মুণ্ডাই মন্তব্য কৰে।

আনহাতে জাতিৰ এই সংকটকালত শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিল বিশেষভাৱে সক্ষম শিল্পী হেম শইকীয়া। প্ৰতিবাদী মিচিল লৈ সুধাকণ্ঠৰ গীত গাই উৎসাহিত কৰে প্ৰতিবাদী জনতাক।

ইফালে আছুৰ নেতৃত্বই একালৰ সতীৰ্থৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰৰ ৰাজপথত। “জাতি আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই, জাতি আজি সংকটত তপন তুমি মাত দিয়া, জাতি আজি উচন হ’ল বাংলাদেশী আপোন হ’ল,  কেব আমি নামানো, বিজেপি গ’ বেক,  হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ” আদি শ্ল’গানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd