টীয়কত চৌদিশে বিধ্বস্ত বাট-পথ, গড়কাপ্তানী মন্ত্ৰীলৈ স্মাৰকপত্ৰ আছু, যুৱ ছাত্ৰ আৰু চুতীয়া ছাত্ৰ সন্থাৰ

ফটো-নৰ্থ-ইষ্ট নাও

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ বিভিন্ন ৰাস্তা-ঘাটৰ বিধ্বস্ত ৰূপে দীৰ্ঘদিনৰ পৰা জ্বলা কলা খুৱাইছে জনসাধাৰণক।

ৰাইজে পথ নিৰ্মাণৰ দাবীত বহুবাৰ আৱেদন নিবেদন কৰাৰ উপৰিও আন্দোলনৰ পথ বাছি লৈছিল বিভিন্ন জাতীয় সংগঠন সমূহে কিন্তু আজিপৰ্যন্ত ৰাস্তা ঘাটৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।

বিধ্বস্ত ৰাস্তা-ঘাট তৎকালীনভাৱে নিৰ্মাণৰ দাবীত আজি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিৎ বৰাৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ অসমৰ মুখ্য মন্ত্ৰী, গড়কাপ্তানী মন্ত্ৰী আৰু যোৰহাট জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে সংগঠনকেইটাই।

উল্লেখযোগ্য যে, টীয়কৰ বলমা-নকছাৰী সংযোগী পথ, টীয়ক-কাৱৈমাৰী সংযোগী পথ, কলিয়াপানী-চেলেং সংযোগী পথ, বাদুলীপুখুৰী-পীড়াকটা সংযোগী পথ, গুৱাল গাঁও-এজাৰগুৰি সংযোগী পথকে ধৰি বহু ব্যস্ততাপূৰ্ণ পথকে ধৰি টীয়ক পৌৰসভাৰ অন্তৰ্গত চাৰিটা ৱাৰ্ডৰ বিভিন্ন পঞ্চায়তৰ অধীনৰ বহু বাট পথৰ দুৰবস্থাই জ্বলা কলা খুৱাই আহিছে স্থানীয় ৰাইজক।

আটাইকেইটা সংগঠনৰ সভাপতি -সম্পাদকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, বিভিন্ন সময়ত আমি ৰাইজৰ সহযোগত টীয়কৰ ৰাস্তা-ঘাটৰ সমস্যাৰ সমাধানৰ বাবে আন্দোলন কৰি অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ চৰম গুৰুত্বহীনতাই ৰাইজৰ এই সমস্যাক সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ’ল , এতিয়া নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি এই সমস্যাৰ সমাধানৰ বাবে ৰাইজক আভুৱা ভাৰি আধাৰশিলাৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ দল সমূহক অনুৰোধ জনাইছো।

স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি তৎকালীনভাৱে যদি টীয়কৰ ৰাস্তা- ঘাটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যোগাত্মক ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ক’ৰ’না ভাইৰাছৰ দুৰ্যোগৰ সময়ত সামাজিক দূৰত্ব ৰাখি ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলা হ’ব।