কা’ বিৰোধিতাৰে ৰাজপথত আছুৱে দাহ কৰিলে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

IMG-20200730-WA0011

ফটো: নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশধনী আইন ২০১৯’ বাতিলৰ দাবীত আজি শিৱসাগৰৰ ৰাজ পথত জ্বলিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই শিৱসাগৰৰ দ’লমুখ চাৰিআলিত এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

কা’ আমি নামানে, বিজেপি গৌ বেক, ৰাজ্য চৰকাৰ হায় হায়, ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, অমিত শ্বাহ গৌ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী আইন ২০১৯’ বাতিলৰ দাবীত কালিলৈ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সমগ্ৰ জিলাতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে আছুৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে।

আনহাতে, আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয়, সদৌ অসম ছাত্ৰ সন্থাই কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিল আৰু আগন্তুক দিনত কৰি যাব। ৰাজ্যত ক’ৰণা মহামাৰীৰ বাবে আমাৰ আন্দোলনৰ কাৰ্যসূচী কিছু স্থবিৰ হৈছিল যদিও অনাগত দিনত বিভিন্ন কাৰ্যসূচীৰে জাতিধ্বংসী এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।

সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে জাতি-মাটি-ভেটি ৰক্ষাৰ লগতে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কৈছিল। কিন্তু শাসনৰ গাদীত বঢ়াৰ লগে লগে এই চৰকাৰে অসম আৰু অসমীয়া বিৰোধী কাম কৰিবলৈ লৈছে।

নাগৰিকত্ব সংশোধনী আইনৰ জড়িয়তে চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লোৱা  কাৰ্যক আছুৱে কেতিয়াও গ্ৰহণ নকৰে।