পেগাছাছৰ ফোন টেপিঙৰ তালিকাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অনুপ চেতিয়াৰ ফোন নম্বৰ

Samujjal-and-Anup

বিশ্বজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰা ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, ৰাজনীতিক দিৰ নাম সন্নিবিষ্ট হৈছে। পেগাছছৰ ফোন টেপিঙৰ তালিকাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াৰ নামো থকাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

অনুপ চেতিয়াৰ এটা ফোন নম্বৰ ২০১৮ চনৰ শেষৰ পিনে টেপিং কৰা হৈছিল বুলি তথ্য প্ৰকাশ পাইছে।
The Wire-এ চলোৱা বিশ্লেষণত অনুপ চেতিয়া আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন পেগাছাছে টেপ কৰাৰ কথা প্ৰমাণ হৈছে।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা এটা ফোন নম্বৰ টেপ কৰা হৈছিল ।ইতিমধ্যে The Wire-এ বিশ্লেষণ কৰা ৩০০ টা ভাৰতীয় লোকৰ ফোন নম্বৰৰ ভিতৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন নম্বৰটোও আছে।

আছুৰ মুখ্য উপদেষ্টাগৰাকী ফোন নম্বৰটো কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতি গঠন কৰি দিয়াৰ কেইমাহ মান আগৰে পৰা টেপ কৰা হৈছিল বুলি প্ৰমাণ পাইছে The Wire-এ।

উল্লেখ্য ২০১৯ চনৰ ১৬ জুলাইৰ দিনা কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰিছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাবে লৈ উক্ত সমিতি খন গঠন কৰা হৈছিল আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উক্ত সমিতিৰ এগৰাকী সদস্য আছিল।

আনহাতে আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনুপ চেতিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল আৰু আইন খন বাতিল নকৰিলে শান্তি আলোচনাৰ পৰা ওলাই আহিব বুলিও হুংকাৰ দিছিল।