অগপৰ পিতৃ-মাতৃ আছু; অগপৰ নতুন ছাত্ৰ সংগঠন গঠনক লৈ আছুৰ প্ৰতিক্ৰিয়া

পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আগবাঢ়ি যাব লাগে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য্য

Samujjal kumar Bhattacharyja

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

বৃহস্পতিবাৰে অগপৰ সাধাৰণ পৰিষদৰ বৈঠকত ‘অসম ছাত্ৰ পৰিষদ’ নামৰ নতুন ছাত্ৰ সংগঠন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে নতুন ছাত্ৰ সংগঠনটোৱে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত প্ৰত্যাহবান হিচাপে থিয় দিব বুলি প্ৰশ্নৰ উদয় হৈছে।

অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত খিলঞ্জীয়া মঞ্চ অসমৰ সৈতে ৬ নং দফা ৰূপায়ণ সমিতিৰ বৈঠকৰ অন্তত সাংবাদিকে সোধা এনে প্ৰশ্নৰ উত্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই  আছুক অগপৰ পিতৃ মাতৃৰ সৈতে তুলনা কৰে।

‘‘সমাজত কিছুমান পৰম্পৰা আছে, পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সকলো আগবাঢ়ি যাব লাগে। তেওঁলোকক ছাত্ৰ সন্থাই জন্ম দিছে,’’ ভট্টাচাৰ্য্যই কয়।

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে ঐতিহাসিক অসম আন্দোলনৰ পাছত অসমৰ মানুহৰ মতামত আৰু জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি ছাত্ৰ সন্থাই আঞ্চলিক শক্তি জন্ম দিয়াৰ পৰিবেশ ৰচনা কৰিছিল।

‘‘সেই আঞ্চলিক ৰাজনৈতিক দলেই আজি নতুনকৈ ছাত্ৰ সংগঠন জন্ম দিবলৈ ওলাইছে। গতিকে চিন্তা কৰি সিদ্ধান্ত লোৱাৰ দায়িত্ব অসমৰ ৰাইজৰ,’’ অগপক তেওঁলোকৰ পূৰ্বৰ ভেটিৰ কথা সোঁৱৰাই ভট্টাচাৰ্য্যই এইদৰে কয়।

আনহাতে, ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনবোৰৰ হাই কামাণ্ড থকাৰ বিপৰীতে আছুৰ কোনো নিৰ্দিষ্ট হাইকামাণ্ড নাই বুলি ভট্টাচাৰ্য্যই দাবী কৰে।

‘‘ছাত্ৰ সন্থাৰ কোনো হাইকামাণ্ড নাই, আন আন ৰাজনৈতিক দল সংগঠনৰ হাইকামাণ্ড থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ হাই কামাণ্ড হ’ল অসমৰ ৰাইজ, অন্য ছাত্ৰ সংগঠনৰ হাইকামাণ্ড হ’ল ৰাজনৈতিক দলটো,’’ ভট্টাচাৰ্য্যৰ মন্তব্য।

তদুপৰি, আছুৰ সন্মুখত এনেধৰণৰ ছাত্ৰ সংগঠন জন্ম হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই সকলো ৰাজনৈতিক দলৰে ছাত্ৰ সংগঠন থাকে বুলি মত প্ৰকাশ কৰে।

চিপিআই, চিপিআই-এমৰ এছ.এফ.আই, কংগ্ৰেছৰ এন এছ য়ু আই, আৰ.এছ.এছ বিজেপিৰ এবিভিপি ছাত্ৰ সংগঠন থকাৰ দৰে শেহতীয়াকৈ অসম গণ পৰিষদেও ছাত্ৰ সংগঠন খোলাৰ সিদ্ধান্ত লৈছে বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰে।

“অসমৰ ছাত্ৰ সমাজৰ এটা দীঘলীয়া ইতিহাস আছে। লক্ষ্মীনাথ বেজবৰুৱা আদিৰ মহান মনিষী সকলৰ চিন্তাৰে অৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ আদৰ্শেৰে লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল। আজিও অসমৰ ছাত্ৰ সমাজে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি যাবলৈ সংকল্প লৈছে,” ভট্টাচাৰ্য্যই কয়।