নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা একমাত্ৰ বিজেপি নেতা-বিধায়কজনক সাক্ষাৎ কৰিলে আছুৱে

“বিধেয়কখনৰ বিষয়ত মই দলৰ লগত নাই; মই কেন্দ্ৰীয় চৰকাৰৰ এনে কাম সহ্য নকৰো”

Atul Bora

নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগতভাৱে লগ কৰি বিধেয়কখন বাতিলৰ দাবীত তেওঁলোকৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছে।

আজি আছুৰ প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইত জনপ্ৰতিনিধিসকলক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতাত সমৰ্থন বিচাৰে।

বিধায়কজনে আছুৰ প্ৰতিনিধি দলটোক বিধেয়কখনৰ বিৰোধিতা তেওঁ সদায় কৰি আহিছে আৰু কৰি যাব বুলি আশ্বাস দিয়ে।

“মোৰ স্থিতি আগলৈও একেই থাকিব”, অতুল বৰাই দৃঢ়তাৰে কয়। আনহাতে স্মাৰকপত্ৰ গ্ৰহণ কৰি আছুৰ প্ৰতিনিধিকেইজনক কয় যে তেওঁ বিষয়টো চৰকাৰৰ ওচৰত উত্থাপন কৰিব আৰু বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনাব।

বিধেয়কখনৰ বিষয়ত দলৰ স্থিতিৰ সৈতে তেওঁ নাই বুলি কয় বিধায়কজনে। “বিধেয়কখনৰ বিষয়ত মই দলৰ লগত নাই; মই কেন্দ্ৰীয় চৰকাৰৰ এনে কাম সহ্য নকৰো”, এইদৰে কয় বিজেপিৰ বিধায়কজনে।

আনহাতে, বিধায়কজনে “সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হয় নে নহয় সেয়া তেওঁৰ কৰ্মৰাজিয়েহে প্ৰমাণ কৰিব।” এইবুলি কটাক্ষ কৰে মুখ্য মন্ত্ৰী সোণোৱালক।

আছুৰ প্ৰতিনিধি দলটোৱে বিজেপিৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কালত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

ইফালে আছুৰ সভাপতি দীপাংকৰ নাথে কয় যে আছু আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে একেলগে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ জনপ্ৰতিনিধিসকলৰ ওপৰত হেঁচা দিয়াৰ অভিযান অব্যাহত ৰাখিব।

বিভিন্ন ঠাইত জনপ্ৰতিনিধিক লগ কৰি বিধেয়কখনৰ বিৰোধিতাত সমৰ্থন আদায়ৰ চেষ্টা আছু আৰু ২৬টা সংগঠনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৬টা জনগোষ্ঠীয় সংগঠনে ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগতভাৱে লগ কৰাৰ অভিযান আজি বিভিন্ন ঠাইত ৰূপায়ণ কৰা হয়।গুৱাহাটী মহানগৰ সমিতিৰ এটা প্ৰতিনিধি দলে দিচপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কৰাৰ সমান্তৰালভাৱে লখিমপুৰত অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্ত, বিহপুৰীয়াত বিজেপিৰ বিধায়ক দেৱনন্দ হাজৰিকা আৰু নাওবৈচাত এ আই য়ু ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক আছুৰ প্ৰতিনিধিসকলে সাক্ষাৎ কৰি তেওঁলোকৰ পৰা বিষয়টোত সমৰ্থন বিচাৰে।