ৰাজধানী সম্প্ৰসাৰণত জনজাতীয় বেল্ট, ব্লক আৰু স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত নকৰিবলৈ মুখ্য মন্ত্ৰীক আছুৰ দাবী

Guwahati

গুবাহাটী মহানগৰ। ফাইল ফটো

ৰাজ্যৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ প্ৰস্তাৱিত এলেকাত জনজাতীয় বেল্ট, ব্লক আৰু স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত নকৰিবলৈ ৰাজ্য চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছে। এই বিষয়টো স্পষ্টভাৱে উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আছুৱে এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছে।

আছুৱে দাবী কৰে যে প্ৰস্তাৱিত এলেকাত থকা আন আন খিলঞ্জীয়া লোকৰ হাতত যাতে ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থাকে অসম চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম বিধানসভাৰ চলিত অধিৱেশনতে এই বিষয়ৰ আইনৰ প্ৰয়োজনীয় সংশোধনী আনিবলৈও সংগঠনটোৱে দাবী জনায়।

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ বিষয়ক লৈ জনজাতীয় আৰু আন আন খিলঞ্জীয়া মানুহৰ স্বাৰ্থ কোনো কাৰণতে, কোনো পৰিস্থিতিতে বিঘ্নিত হ’ব নোৱাৰিব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দাবীপত্ৰ সম্পৰ্কত কয় যে অসমৰ ৰাজধানী এলেকা সম্প্ৰসাৰণৰ মৌলিক দৃষ্টিভংগীৰ সৈতে ছাত্ৰ সন্থা একমত। অসমৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক সৰ্বাংগসুন্দৰভাৱে গঢ়ি তোলাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি এলেকা সম্প্ৰসাৰণৰ বহল দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজন আছে। কিন্তু এনে কৰিবলৈ যাওঁতে ৰাজধানী সম্প্ৰসাৰণৰ প্ৰস্তাৱিত এলেকাত পৰা জনজাতীয় বেল্ট, ব্লকসমূহ তথা স্বায়ত্ত শাসিত এলেকা অন্তৰ্ভুক্ত কৰিব নালাগিব।

প্ৰস্তাৱিত এলেকাত থকা আন আন খিলঞ্জীয়া মানুহৰ হাতত যাতে মাটিৰ অধিকাৰ সুৰক্ষিত হৈ থাকে, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসমৰ ৰাজধানী শ্বিলঙৰপৰা গুৱাহাটীলৈ স্থানান্তৰ হওঁতে দূৰদৰ্শিতাৰে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সেই সময়ত জনজাতীয় আৰু আন আন খিলঞ্জীয়া মানুহে নিজৰ মাটিডৰাৰ ওপৰত থকা অধিকাৰ হেৰুৱাবলগীয়া হৈছিল।

আছুৱে দোহাৰে যে এনে অৱস্থাৰ পুনৰ সৃষ্টি হোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এই পৰিক্ৰমাক আৰু খিলঞ্জীয়া মানুহৰ মৰ্মবেদনাক অসম চৰকাৰে উপলব্ধি কৰিব লাগিব।

উল্লেখযোগ্য যে আছুৰ লগতে ২৮টা জনগোষ্ঠীয় সংগঠনে যৌথভাৱে এই দৃষ্টিভংগীৰে দাবী উত্থাপন কৰি আহিছে।