মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰাদেশীকৰণৰ দাবী আছুৰ

AASU demands provincialisation of science stream in Margherita College

সদৌ অসম ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰাদেশীকৰণৰ দাবী জনাইছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো ২২ বছৰে প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ আছে।

মহাবিদ্যালয়খনৰ কলা আৰু বাণিজ্য শাখা দুটা প্ৰাদেশীকৃত হ’ল যদিও ১৯৯৮ চনতে উচ্চতৰ মাধ্যমিক আৰু ২০০০ চনত স্নাতক শ্ৰেণী আৰম্ভ হোৱা বিজ্ঞান শাখাটোৰ এতিয়াও হোৱা নাই।

বৃ্হত্তৰ অঞ্চলটোৰ বিজ্ঞানত উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠানটোৱে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লগতে কাষৰীয় অৰুণাচল প্ৰদেশৰ ছাত্ৰ ছাত্ৰীকো উপকৃত কৰি আহিছে।

ফলাফলৰ দিশৰ পৰাও প্ৰায় প্ৰতি বছৰে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰি আহিছে।

তৎসত্ত্বেও বিজ্ঞান শাখাটো অসম চৰকাৰে প্ৰাদেশীকৰণৰ আওতালৈ ননাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকে।

আজি পুৱা দহ বজাৰ পৰা কলেজ খনৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি অনতিপলমে কলেজখনৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়।

আছুৰ সদস্যসকলে বিভিন্ন শ্লগানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে। কুৰি জনৰো অধিক শিক্ষকে শিক্ষাদান কৰি অহা কলেজখনৰ বিজ্ঞান শাখাটো শীঘ্ৰে প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে পূৰ্বেৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মাৰ্ঘেৰিটা মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণ কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে বা বিভিন্ন সভা-সমিতিত নেতা মন্ত্ৰীয়ে কৈ আহিছে যদিও সকলো ফুটকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত আজি অৱস্থানস্থলীত মাৰ্ঘেৰিটা মহাবিদ্যালয় খনৰ বিজ্ঞান শাখাৰ শিক্ষক-কৰ্মচাৰীসকলৰ লগতে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক সন্থা, মাৰ্ঘেৰিটা আহোম সভাৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে।

আজিৰ প্ৰতিবাদকাৰী সকলে অনতিপ্ৰলমে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণৰ বাবে অসমৰ শিক্ষা মন্ত্ৰীক দাবী জনাইছে।