টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত সন্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে আছুৱে তৰিলে গোচৰ

Cyclone Yaas likely to hit Assam, Meghalaya

২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰি বিশেষকৈ যোৰহাটৰ অজন্তা বাইপাছৰ পৰা টীয়কৰ জাঁজীলৈকে সামগ্ৰিক পথছোৱাত আজিৰ তাৰিখলৈকে পঞ্চাছ শতাংশ কাম সম্পন্ন কৰিব নোৱাৰাৰ লগতে অতি ক্ৰটিপূৰ্ণভাৱে কাম সম্পন্ন কৰিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে। ।

বিশেষকৈ টীয়ক নগৰ অঞ্চলত নিৰ্মাণ কৰা নলাসমূহ সম্পূৰ্ণ ক্ৰুটিপূৰ্ণ ।
যাৰ বাবে বাৰিষাৰ প্ৰথম জাক বৰষুণতে টীয়ক নগৰক কৃত্ৰিম বানে বুৰাই পেলাইছে।
এই সমগ্ৰ বিষয় সমূহৰ বিৰুদ্ধে বিভিন্ন দল- সংগঠনে বহু বাৰ নিৰ্মাণকাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত বহুবাৰ প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছে।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ শাসন কালছোৱাত টীয়কলৈ আহি নিৰ্মাণকাৰী সংস্থা তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ক্ৰুটিপূৰ্ণভাৱে কৰা কামবোৰ শুদ্ধ ৰূপত খৰটকীয়াকৈ কৰি যাবলৈ নিৰ্দেশ দিছিল।

ইমানৰ পাছতো বিভাগটোৰ গা নলৰাত আজি টীয়কত সদৌ অসম ছাত্ৰ সন্থাই চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰী সংস্থাৰ ওপৰত এক গোচৰ ৰুজু কৰে।

অতি সোনকালে উক্ত পথছোৱাৰ পুন:নিৰ্মাণৰ বাবে দাবী জনায়। উল্লেখযোগ্য যে ছাত্ৰ সন্থাই কেইবাটাও দাবী সম্বলিত এজাহাৰৰ প্ৰতিলিপি দেশৰ প্ৰধানমন্ত্ৰী,পথ পৰিবহণ মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনলৈও প্ৰেৰণৰ ব্যৱস্থা কৰিব।

আছুৱে এই বিষয়ত নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীৰ পোনপটীয়া হস্তক্ষেপৰো আহ্বান জনায়।