শিৱসাগৰত আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাক বিদায় জনালে প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই

প্ৰায় ৩০ টা বছৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই আজি অনুষ্ঠানিকভাৱে ছাত্ৰ সন্থা ত্যাগ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি সাংবাদিকৰে হোৱা এক মত বিনিময়  অনুষ্ঠানত এই কথা ঘোষণা কৰে শৰৎ হাজৰিকাই। ছাত্ৰ সন্থাক নেতৃত্ব দিয়া এই দীঘলীয়া যাত্ৰাত তেওঁক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়োৱা জেষ্ঠ কনিষ্ঠ সকলো সাংবাদিকক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বক এই দৰে সহায় সহযোগিতা আগবঢ়াই যাবলৈ অনুৰোধ জনায়।

মত বিনিময় অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্ত, সাধাৰণ সম্পাদক ইনামূল হাজৰিকা, জিলা সাংবাদিক সন্থাৰ সভাপতি সুমেশ ডেকা, সম্পাদক জয়জ্যোতি গগৈ,  ড০ উৎপল দত্ত,  সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা, অতু বৰা,  অনন্ত স্মিথ, মুজাহিদ আলি, ফিৰোজ আহমেদ, মুক্তাৱ হুছেইন, ভৈৰৱ মুণ্ডা, ৰাতু কুমাৰ দাস,  মুস্তাকুৰ ৰহমান আদিকে ধৰি বহু সাংবাদিক উপস্থিত থাকে।

অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতাজনে প্ৰতিগৰাকী  সাংবাদিকক একোখনকৈ ফুলাম গামোচাৰে কৃতজ্ঞতা জনায়।

উল্লেখ যোগ্য যে, ১৯৮৮ চনত শিৱসাগৰৰ ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ ছাত্ৰ সন্থাৰ লগত জড়িত হৈ  শৰৎ হাজৰিকাই ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ শিৱসাগৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰে। ইয়াৰ পিছতে ১৯৯৩ চনত চাৰিংত অনুষ্ঠিত জিলা ছাত্ৰ সন্থাৰ অধিৱেশনত সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল। সেই বৰ্ষতেই তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।

১৯৯৪ চনৰ জিলা ছাত্ৰ সন্থাৰ ডিমৌ অধিৱেশনত শৰৎ হাজৰিকাই সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে আৰু চাৰিটা বছৰ এই দায়িত্ব পালন কৰাৰ পাছত ১৯৯৮ চনত সোণাৰি অধিৱেশনত পুনৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাৰে নিৰ্বাচিত হয়।

২০০২ চনৰ পৰা ২০০৫ চনলৈ তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তেই তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।

২০০৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ অধিৱেশনত তেওঁ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব লাভ কৰে আৰু ২০১৫ চনৰ সদৌ অসম ছাত্ৰ সন্থাৰ দুধনৈ অধিৱেশনত আছুৰ শিক্ষা সম্পাদকৰ দায়িত্ব লয়।

সুদীৰ্ঘ সময় আছুৰ মজিয়াত থাকি জিলা ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি অহা শৰৎ হাজৰিকাই ২০২০ চনৰ দুলিয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছিল আৰু আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু ৰূপহী প্ৰাথমিক ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰি ছাত্ৰ সংগঠনটোৰ পৰা বিদায় মাগে।