কিৰেন ৰিজিজুৰ নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা উত্তৰ-পূৱক আঁতৰত ৰাখিম বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।
সাংবিদকৰ আগত ৰিজিজুৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে ৰিজিজুৰ মন্তব্যত বিজেপিৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে অসমলৈ আহি ৰাইজৰ আগত বিজেপি ক্ষমতালৈ আহিলে পুনৰ নাগৰিকত্ব বিধেয়ক লৈ আহিব বুলি কৰা মন্তব্যৰ পাছত চৰকাৰখনৰ আন এজন দায়িত্বশীল মন্ত্ৰীয়ে উত্তৰ-পূৱৰ মুখ্য মন্ত্ৰীৰ অনুমতি অবিহনে বিধেয়ক অনা নহয় বুলি কৰা মন্তব্য অতি হাস্যকৰ বুলি উল্লেখ কৰে।
আনহাতে, সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় আৰু ভবিষ্যতে যেতিয়ালৈ বিধেয়ক বাতিল নহয় আছুই ইয়াৰ বিৰুদ্ধে আন্দোলন চলাই যাব বুলি কয় লুৰিণ জ্যোতি গগৈয়ে।
উল্লেখযোগ্য যে, আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুই তেওঁ বিজেপিত থকা পৰ্যন্ত বিধেয়কখন অৰুণাচল অথবা উত্তৰ-পূৱত প্ৰৱৰ্তন কৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছিল। ৰাজ্য চৰকাৰৰ সহমত অবিহনে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো ৰাজ্যতে বলৱৎ নহয় বুলিও তেওঁ সাংবাদ মেলত সদৰী কৰিছিল।