বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে কলগাছিয়াৰ এখন নিৰ্বাচনী সভাৰ সময়ত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষমতা অবিহনে থাকিব নোৱাৰে। কংগ্ৰেছ আকৌ ক্ষমতালৈ আহিলে তেৱোঁ আকৌ কংগ্ৰেছলৈ ঘূৰি অহাৰ চেষ্টা কৰিব পাৰে।
“হিমন্ত বিশ্ব শৰ্মা ক্ষমতা নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। ক্ষমতা যিপিনে থাকে, হিমন্ত সেই পিনেই থাকিব। ২৩ মে’ৰ (নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন) পিছত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ’ব, হিমন্ত পুনৰ কংগ্ৰেছলৈ আহিব”, সংবাদ মাধ্যমৰ আগত আব্দুল খালেকে কয়।
মন্ত্ৰীজন কংগ্ৰেছলৈ পুনৰ আহিলে কি কৰিব বুলি সোধা প্ৰশ্নত খালেকে আকৌ কয়, “তেখেতে চেষ্টা কৰিলেও আমি বাধা দিম। এনেকুৱা মানুহ আমাক নালাগে।”
ইপিনে বৰপেটা আৰু ধুবুৰীত কংগ্ৰেছে হিমন্তৰ কথা মতে হিমন্তৰ মানুহক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে বুলি এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা অভিযোগৰ প্ৰশ্নত খালেকে কয়, “হিমন্তৰ লগত তেওঁৰহে যোগাযোগ আছে। হিমন্তৰ লগত আমি যদি থাকিলো হেঁতেন, আমি আজি কংগ্ৰেছত নাথাকিলো হেঁতেন। হিমন্তৰ পাৰ্টীত গ’লো হেঁতেন বা তেওঁৰ দৰে বিভাজনৰ ৰাজনীতি কৰিলো হেঁতেন।”
“এ আই য়ু ডি এফৰ কিছু সংখ্যক সমৰ্থকে কংগ্ৰেছে দলটোৰ লগত মিত্ৰতা নকৰা বাবে অকংগ্ৰেছীক ভোট দিবলৈ কোৱাৰ প্ৰসংগত কয়, ইয়াৰ পৰাই স্পষ্ট হয় যে বদৰুদ্দিন চাহাব বিজেপিৰ এজেণ্ট। অকংগ্ৰেছী মানে কি বিজেপিয়ে নহয় জানো?” এ আই য়ু ডি এফ দল আৰু মুৰব্বী বদৰুদ্দিন আজমলক আক্ৰমণ কৰি খালেকে কয়। দলটোক তেওঁ ব্লেকমেইলাৰ পাৰ্টি বুলিও কয়।
আজমল ডাঙৰীয়াৰ ৰিম’ট কণ্ট্ৰলটো হিমন্তৰ হাতত আছে বুলিও মন্তব্য কৰে। ১ এপ্ৰিলত কলগাছিয়াত জনিয়া যুৱ কংগ্ৰেছৰ সভাখনৰ সময়ত এই মন্তব্য কৰে জনিয়া সমষ্টিৰ বিধায়ক তথা বৰপেটাৰ প্ৰাৰ্থী খালেকে। সভাত আব্দুল খালেকৰ লগত বিধায়ক শুকুৰ আলী, জাকিৰ হুছেইন সিকদাৰ, শ্বেৰমান আলী, আব্দুল হাই নাগৰিকে ধৰি কেইবাজনো কংগ্ৰেছী নেতা উপস্থিত থাকে৷