কা’ৰ প্ৰতিবাদত লখিমপুৰত আছুৰ গণসত্যাগ্ৰহ; সহস্ৰাধিকক ক’ৰ্ট এৰেষ্ট

প্ৰতিবাদৰ ছবি

লখিমপুৰত আজি নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদত বাহিৰ কৰা আছুৰ গণসত্যাগ্ৰহ কাৰ্যসূচীত ভাগ লোৱা সহশ্ৰাধিক প্ৰতিবাদকাৰীক ক’ৰ্ট এৰেষ্ট কৰা হয়।

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

শিল্পী, জ্যেষ্ঠ নাগৰিক, মহিলা, ছাত্ৰ-ছাত্ৰীকে ধৰি বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰা তথা প্ৰতিবাদী গীত, ভাষণেৰে মুখৰিত হৈ পৰা উক্ত সমদলত উপস্থিত বক্তাসকলে কা’ৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ আন্দোলন চলাই নিয়াৰ ওপৰত গুৰুত্ব দিয়ে।

সমদলত লখিমপুৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি উদয় শংকৰ হাজৰিকা, সাংবাদিক শৈলেন বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুষ্প নাথ বৰা আদিয়ে ভাষণ দিয়ে।

পিছত লখিমপুৰ নগৰৰ ঘাইপথৰে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত গোট খোৱা প্ৰতিবাদকাৰীসকলক এগৰাকী দণ্ডাধিশৰ উপস্থিতিত গ্ৰেপ্তাৰ কৰি লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ লৈ যোৱা হয় যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়।

আনহাতে অসম জাতীয়তাদী যুৱ ছাত্ৰ পৰিষদেও লখিমপুৰত কা’ৰ বিৰুদ্ধে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী সম্পুৰ্ণ কৰে। সংখ্যালঘু ছাত্ৰ সংগঠন আমছুয়েও কা’ৰ প্ৰতিবাদত অনশনত বহে।