NORTHEAST NOW (Assamese)

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

January 24, 2021 1:35 pm · মৃদুল প্ৰীতম ডেকা
ফটো : নৰ্থইষ্ট নাও।

ৰাজ্যৰ চুকে কোনে পুনৰ তীব্ৰতৰ হৈছে কা’ বিৰোধী প্ৰতিবাদ। দেওবাৰে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ অন্তৰ্গত শুৱালকুছিতো আছুৱে ৰূপায়ন কৰিছে কা’ বিৰুদ্ধে প্ৰতিবাদ।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যজুৰি কা’ আইন বাতিল কৰাৰ দাবী জনাই এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ঘোষনা কৰা হৈছে।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিতো কা’ ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে।

আছুৰ প্ৰতিবাদকাৰী সকলে বস্ত্ৰনগৰী শুৱালকুছিৰ বজাৰ চ’কত নৰেন্দ্ৰ মোদী হুছিয়াৰ, অমিত শ্বাহ হুছিয়াৰ, অসম চৰকাৰ হুছিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ, কা আমি নামানো, আদি শ্লোগানৰে শুৱালকুছিৰ ৰাজপথ কঁপাই তোলে।

Related News