অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত আছুুৰ প্ৰতিবাদ

a MUKE

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ  বিৰুদ্ধে বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথটো আজি বিশ্বনাথ জিলা ছাত্ৰ সন্থায়ে পদ যাত্ৰাৰ লগতে যোগান বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে ।

আছুৰ কৰ্মীয়ে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াৰে পৰা হৈ যোৱা  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগান বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বাবে ধিক্কাৰ দিয়ে ।

উল্লেখ্য চৰকাৰ আৰু যোগান বিভাগৰ উদাসীনতাৰ বাবেই সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতি বিধ সামগ্ৰীৰে দাম বৃদ্ধি হৈছে।

নিৰ্বাচনৰ সময়তে আছুৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে।