NORTHEAST NOW (Assamese)

দীঘলীপুখুৰী পাৰত আছুৰ বিক্ষোভ কাৰ্যসূচী

February 28, 2022 3:56 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী
Updated: February 28, 2022 3:59 pm

গুৱাহাটী ক্লাব, ৰে’লৱে ষ্টেচনৰ মাটি ৰে’লৱে কৰ্তৃপক্ষই বণিয়াক গতাই দিবলৈ ওলোৱা কাৰ্যই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰে’লৱে কৰ্তৃপক্ষৰ এই থলুৱা বিৰোধী আৰু অবিবেচকী কাণ্ডৰ বিৰুদ্ধে আজি দীঘলীপুখুৰী পাৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে।

অসমৰ ৫৮ বিঘা মাটি ৰে’লৱেক কোনো পধ্যে লীজত দিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে আছু নেতৃত্বই।

ৰে’লৱেৰ সিদ্ধান্তৰ বিৰুদ্ধাচাৰণ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী।

বহিৰাগত বণিয়াক এই মাটি দিয়াতকৈ খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীৰ উপকাৰ হোৱাকৈ মাটিখিনি ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বুলি উল্লেখ কৰে আছু নেতৃত্বই।

মুখ্যমন্ত্ৰী এইক্ষেত্ৰত এতিয়ালৈকে নিমাত কিয় বুলিও আছু নেতৃত্বই প্ৰশ্ন কৰে।

আছু নেতৃত্বই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে দিল্লীৰ চৰকাৰৰ ৰঙা চকুলৈ মুখ্যমন্ত্ৰীয়ে ভয় কৰে বুলিও ইতিকিং কৰে।

Related News