কা বাতিলকে ধৰি অন্যান্য দাবীত টিয়ক, শিৱসাগৰ , বিশ্বনাথত আছুৰ প্ৰতিবাদ

india-c

শিৱসাগৰত আছুৰ প্ৰতিবাদ

টিয়কৰ পৰা নিৰ্মলেন্দু পাঠক: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কা বাতিলৰ দাবীত, EIA বাতিল আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ দাবীত আজি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক নগৰৰ জগদুৱাৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত কা ৰ প্ৰতিলিপি দাহ কৰে।

টিয়কত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে অসমীয়াই কা নামানে তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। লগতে অসম চুক্তিৰ ৬নং দফা অনতি পলমে কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ: শিৱসাগৰৰ বৰ্ডিং ৰ’ডস্থিত আছুৰ কাৰ্যালয়ৰ পৰা হাতে হাতে ক’লা পতাকা লৈ এই দৰে সমদল কৰি আছু কৰ্মীয়ে নগৰৰ দ’লমুখ চাৰিআলিত একত্ৰিত হৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সেই স্থানতেই আছু কৰ্মীসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি দাহ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনকে ধৰি জিলা, আঞ্চলিক তথা মহকুমাৰ ভালে সংখ্যক সদস্য উপস্থিত থাকে।

বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলাম:সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বান মৰ্মে আজি বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মূখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত,’কা’ বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত কা’ প্ৰতিলিপি দাহ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী গ’বেক, অমিত শ্বাহৰ দাদাগিৰি নচলিব, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্তৰ দম্ভালি নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, কা’ বাতিল কৰিবই লাগিব, EIA বাতিল কৰক, অমিত শ্বাহ হুছিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ।

বিশ্বনাথত আছুৰ প্ৰতিবাদ

উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰূপম দাস,বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, আজমত শ্বেখ,মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাষ্কৰ চমুৱা,আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা,সম্পাদক লক্ষ্যজিত হাজৰিকাকে ধৰি আছুৰ বিভিন্ন বিষয়ববীয়া সকল।

প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে বিশ্বনাথ আৰক্ষী থানাৰ লোক উপস্হিত হয় প্ৰতিবাদ কাৰী সকলক নিয়ন্ত্ৰন কৰি প্ৰতিবাদকাৰী সকলক বিশ্বনাথ আৰক্ষী থানালৈ এখন বাছত তুলি লৈ যায়।