NORTHEAST NOW (Assamese)

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

October 25, 2021 1:33 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
ফটো: নৰ্থইষ্ট নাও।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আজি  বিশ্বনাথ জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত আজি জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত গ্ৰহণ কৰে বিক্ষোভ কাৰ্যসূচী।

সদৌ অসম ছাত্ৰ সন্থা তথা ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে জাতীয় দল সংগঠনৰ এই দাবীক আওকান কৰি বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে।

সেয়ে আজি বিশ্বনাথ জিলা ছাত্ৰই সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে।

বিশ্বনাথৰ কেন্দ্ৰীয় শ্বহীদ ভৱন প্ৰাংগণত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জিলা ছাত্ৰ সন্থাই।

উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা প্ৰজ্ঞান ভূঞা, ৰুপম দাস, বিশ্বনাথ জিলা সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সম্পাদক ধ্ৰুবজ্যোতি দাস, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, সম্পাদক নিতু বৰা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা, যুটীয়া সম্পাদক লক্ষজিৎ শইকীয়া আৰু অন্যান্য বহু আছুৰ নেতা-কৰ্মীয়ে। 

Related News