NORTHEAST NOW (Assamese)
অসম

বোকাখাতত চুতীয়া কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা: মানপত্ৰ প্ৰদান

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত October 25, 2021 1:56 pm

বোকাখাত জিলা চুতীয়া জাতি সন্মিলন, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা আৰু বোকাখাত মহকুমা চুতীয়া মহিলা সন্মিলনৰ উদ্যোগত জাতিটোৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় ।

এই উপলক্ষে দেওবাৰৰ দিনা বোকাখাতৰ সাধনী ভৱনত সন্মিলনীৰ সভাপতি প্ৰতাপ বৰাৰ পৌৰহিত্যত
আয়োজিত সম্বৰ্ধনা সভাত চুতীয়া জাতি সংগঠনৰ অন্যতম প্ৰতিষ্ঠাপক অন্নদা শইকীয়া,প্ৰতাপ নেওগ, বিশিষ্ট শিক্ষাবিদ তোষেশ্বৰ বৰা, দেৱপ্ৰদীপ বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ গীতাৰ্থ শইকীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ সঞ্জীৱ ছেত্ৰী, আটছাৰ অনিত গড় , টাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকন, অৱসৰ প্ৰাপ্ত শিক্ষক অতুল হাজৰিকা, শিক্ষক অসীম বৰা, প্ৰসন্ন বৰা, খগেন বৰা আৰু মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে লক্ষী প্ৰসাদ মুদৈয়ে,স্মৃতি তৰ্পণ কৰে প্ৰফুল্ল দত্তই আৰু
সাধনীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে প্ৰদীপ বৰাই । সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰশান্ত শইকীয়াই ৷

উদ্দেশ্য বাখ্যা আৰু শলাগৰ শৰাই আগবঢ়াই ক্ৰমে লাচিত কাকতি আৰু মন্টু শইকীয়াই ৷

অনুষ্ঠানত ২০২১ শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু স্নাতক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা চুতীয়া জনগোষ্ঠীৰ মুঠ ৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বোকাখাত মহকুমাৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা ভাস্বতী বৰা, পৰিস্মিতা বৰা, উজ্বল বৰা, ৰিংকুমনি বৰা আৰু উন্নয়না গগৈক মান পত্ৰ, নগদ ধন আৰু সাধনীৰ ফটোৰেসম্বৰ্ধনা জনোৱা হয় ৷