ভূমি: অসম কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ, প্ৰত্যাহাৰৰ দাবী

AASU protests against Assam cabinet's decision on land

অসম চৰকাৰৰ কেবিনেটে এখন অধ্যাদেশৰ জৰিয়তে ৰাজ্যত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কৃষিভূমি অকৃষিকাৰ্য্যলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ জনাইছে।

এই সিদ্ধান্ত খিলঞ্জীয়াৰ হাতত থকা ভূমিৰ অধিকাৰ খৰ্ব কৰিবলৈ লোৱা সিদ্ধান্ত বুলি অভিহিত কৰি ইয়াৰ প্ৰত্যাহাৰৰ দাবীত ছাত্ৰ সন্থাই বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে।

আছুৰ তিনি নেতৃত্ব ক্ৰমে সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এক বিবৃতিত কয়, “ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাইজ চিন্তিত আৰু উদ্বিগ্ন হৈ থকাৰ সময়ত পুনৰ চৰকাৰে ল’লে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত।”

উপদেষ্টা ভট্টাচাৰ্য্যই কয় “আমি উন্নয়ন বিচাৰো। কিন্তু উন্নয়নৰ নামত খিলঞ্জীয়া লোকৰ ভূমি কাঢ়ি নিয়া কাৰ্য্য কেতিয়াও সমৰ্থন নকৰোঁ। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছো।”

ইপিনে, একেখন বিবৃতিত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় “ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়। অসমৰ ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ হাতত থাকিব। এই দাবীৰে দীৰ্ঘদিন আছুৱে দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আহিছে।”

ছাত্ৰ সন্থাই এইক্ষেত্ৰত অসম চৰকাৰক হৰিশংকৰ ব্ৰহ্ম সমিতি আৰু অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় সমিতিৰ প্ৰসংগ মনত পেলাই দিয়ে।

“ৰাজ্য চৰকাৰে গঠন কৰি দিয়া হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে ভূমি নীতিৰ ওপৰত ইতিমধ্যে প্ৰতিবেদন জমা দিলে। অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কত গঠিত কমিটিয়ে অন্য বিষয়ৰ উপৰিও খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে,” তেওঁলোকে লগতে কয়।