NORTHEAST NOW (Assamese)

যোৰহাটৰ ৰে’লৱে কাৰ্য্যালয়ৰ সন্মুখত আছুৰ বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী

February 23, 2022 3:59 pm · এন ই নাও নিউজ,টিয়ক

যোৰহাটৰ ৰে’লৱে মালবাহী কাৰ্য্যালয়ৰ সন্মুখত আজি বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে যোৰহাট জিলাৰ ছাত্ৰ সন্থাই।

ৰে’লৱেৰ হঠকাৰী সিদ্ধান্তৰ বাবে হোৱা খাদ্য সামগ্ৰী,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটৰ ৰে’লৱে মালবাহী কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

‘অনা অসমীয়াৰ দপদপনি নচলিব’, ‘ৰে’লৱে ৰ মাণ্ডলিক বিষয়া হায় হায়’, ‘সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱা বন্ধ কৰক’ , ‘ছাত্ৰ সন্থা জিন্দাবাদ’ আদি ধ্বনিৰে প্ৰায় ২ ঘন্টাজুৰি ৰে’লৱে মালবাহী কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলাৰ ছাত্ৰ সন্থাই।

গুৰুত্বপূৰ্ণ বিষয় যে আছুৰ দাবী সমূহ মানি নল’লে অনাগত দিনত ধাৰাবাহিক ভাৱে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে যোৰহাট জিলা আছুৱে।

Related News