অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাট আছুৰ প্ৰতিবাদ; ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ
ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি যোৰহাটত আছুই প্ৰতিবাদ সাব্যস্ত কৰে।
আছুৰ সদস্য সকলে প্ৰতিবাদৰ সময়ত ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ জুমুঠি দাহ কৰে।
ল’কডাউনৰ সময়ত ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ ক’লা বজাৰৰ বেপাৰী সকলৰ সৈতে কিবা সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰে।
যোৰহাট আছুৰ কাৰ্য্যবাহী সম্পাদক বিজয় শেখৰ বৰদলৈয়ে প্ৰতিবাদকাৰী সকলক নেতৃত্ব দি ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি আৰু মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা ফণীভূষণ চৌধুৰীক কঠোৰ সমালোচনা কৰে।
বৰদলৈয়ে যোৰহাট জিলা প্ৰশাসনৰ লগতে মুখ্য মন্ত্ৰীক যোৰহাট জিলাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।
প্ৰতিবাদৰ সময়ত যোৰহাট আছুৰ কাৰ্য্যবাহী সদস্য বিতোপন বৰা, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যবাহী সদস্য চন্দন বৰা আৰু পূব যোৰহাট আছু গোটৰ সভাপতি মাধুৰ্য্য দত্ত উপস্থিত থাকে।