NORTHEAST NOW (Assamese)

C(A)A সমৰ্থক সকলক ছ’চিয়েল মিডিয়াত Unfollow/Unlike কৰক : লুৰিণ জ্যোতি গগৈ

December 26, 2019 6:28 pm · এন ই নাও নিউজ
লুৰিণ জ্যোতি গগৈ, উৎস-ফেইচবুক

‘‘নাগৰিকত্ব (সংশোধনী) আইনৰ সমৰ্থক সকলক ছ’চিয়েল মিডিয়াত ‘Unfollow/Unlike’ কৰক,’’ বুধবাৰে এই আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আদিৰ দৰে নেতাসকলক ছ’চিয়েল মিডিয়াত Unfollow/Unlike কৰিবলৈ আহ্বান জনায়।

‘‘যিহেতু চৰকাৰে এই আন্দোলনৰ কোনো আহ্বান শুনা নাই আৰু ইয়াৰ বিপৰীতে তেওঁলোকে সমগ্ৰ অসমীয়া জনসাধাৰণৰ আন্দোলনটোক ঋণাত্মক আখ্যা দিবলৈ চেষ্ট কৰি আছে গতিকে এনে নেতা কৰ্মীসকলক ছ’চিয়েল মিডিয়াত Unfollow/Unlike কৰক যাতে তেওঁলোকে নিজৰ ভুল উপলব্ধি কৰে,’’ লুৰিণ জ্যোতি গগৈয়ে কয়।

উল্লেখযোগ্য যে, ২৩ জানুৱাৰীত ৰাজ্যিক বিজেপিয়ে গুৱাহাটীত ছ’চিয়েল মিডিয়া কৰ্মীসকলৰ এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু কৰ্মীসকলক C(A)A ৰ সমৰ্থনত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছিল।

বিজেপিৰ ছ’চিয়েল মিডিয়াৰ কৰ্মীসকলৰ বৈঠকৰ পাছতে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধিতা কৰা অসমৰ জনসাধাৰণে বিজেপিৰ আই টি চেলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে।

Related News