আছু কৰ্মীক মাৰপিট; চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত অৱস্থান ধৰ্মঘট

সদৌ শিৱসাগৰ জিলা আৰু মহকুমা ছাত্ৰ সন্থাই আছু নেতাক প্ৰহাৰ কৰাৰ অপৰাধত  সোমবাৰে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে শাস্তিমূলগক ব্যৱস্থা গ্ৰহণৰ দাবীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে, যোৱা ২২ নৱেম্বৰৰ সন্ধিয়া সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য দীপাংকৰ চাহু আৰু সতীৰ্থ ৰেকিবুদ্দিন আহমেদে সন্ধিয়া চফ্ৰাইত বজাৰ কৰি থাকোতে কলা ৰঙৰ স্কৰপিঅ’ গাড়ীত অহা  চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দেহৰক্ষী উপেন ফুকন আৰু বিকাশ দিহিঙ্গীয়াই  বিনা কাৰণত গাড়ীৰ ভিতৰত সোমাই লৈ মাৰপিত কৰাৰ লগতে বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰি কিছু নিলগত নমাই থৈ যায়।

আনহাতে, আছু নেতা দুজনৰ পৰা আৰক্ষীৰ দেহৰক্ষী দুজনে নগদ ধনো কাঢ়ি লৈ যায়।

ঘটনা সন্দৰ্ভত সোণাৰি আছুৱে ভাৰতীয় দণ্ডাবিধি আইনৰ ধাৰা ৩৪১/৩৬৫/৩৯৪/৫০৬ ধাৰাৰ অধীনত ৩২৬/১৯ নম্বৰৰ এটা  গোচৰ ৰুজু কৰিছিল।

ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  শিৱসাগৰ জিলা  ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়,  চৰাইদেউত এইগৰাকী আৰক্ষী বিষয়াই খাকী পোচাকৰ ক্ষমতাৰ বলত নিৰীহ জনগনক দাবী ধমকি দি এক বিভিষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে।

আছুৰ নেতাক আৰক্ষীৰ বাহনত দেহৰক্ষীয়ে উঠাই নি মাৰধৰ কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে মুখ্য মন্ত্ৰী  আৰু আৰক্ষী সঞ্চালক প্ৰধানক আই পি এছ বিষয়া আননিদ মিশ্ৰক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায়।

আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মন্টু চাহু, সাধাৰণ সম্পাদক সুভাষ চন্দ্ৰ দাস, ছাত্ৰ নেতা মানৱ জ্যোতি কলিতা, দীপাংকৰ শইকীয়াকে ধৰি কেইবাশতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে৷