ফেব্ৰুৱাৰিত আছুৱে অংকুৰিত কৰিব ‘দ্বিতীয়টো ৰাজনৈতিক দল’

AASU

এক নতুন ইতিহাস ৰচিবলৈ সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। ৩৫ বছৰীয়া এক দীঘলীয়া অন্তৰালৰ মূৰত দ্বিতীয়টো ৰাজনৈতিক দলৰ বীজ ৰোপনৰ দিশে আগবাঢ়িছে সংগঠনটো।

অসমত নতুন বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আছুৱে আগবঢ়াই লৈ যাব বুলি বুধবাৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

ভোগালী বিহুৰ দিনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথে নতুন ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব বুলি কয়।

‘অসমৰ মানুহে বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈ আছে আৰু আমি ফেব্ৰুৱাৰি মাহৰ পিছত এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম’, নাথে গোৱালপাৰাত এই মন্তব্য কৰে।

আজি আছুৱে ৰাজ্যজুৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰি ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনৰ পিছতে আছুৱে ১৯৮৫ চনত অসম গণ পৰিষদ (অগপ)ৰ জন্ম দিছিল।

অসমত দুবাৰকৈ শাসনত আছিল অগপ। কিন্তু দলটোৱে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল।

আছুৱে অসমত বিগত তিনিটা দশক ধৰি বিভিন্ন ৰাজনৈতিক নেতাৰ জন্ম দি আহিছে। এই কালছোৱাতে ছাত্ৰ সংগঠনটোৱে জন্ম দিছে দুজনকৈ মুখ্য মন্ত্ৰী- প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোণোৱাল।

মুখ্য মন্ত্ৰী দুগৰাকীৰ উপৰি সংগঠনটোৰ দুই দজনতকৈও অধিক প্ৰাক্তন নেতাই অগপ, বিজেপিৰ লগতে কংগ্ৰেছৰ শাসন কালত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

উল্লেখ্য যে অগপ গঠনৰ ৩৫ বছৰ পাছত আছুৱে অসমত এক সাংঘাটিক ৰাজনৈতিক পট পৰিৱৰ্তনৰ গোন্ধ পাইছে, বিশেষকৈ বিজেপিৰ কা সন্দৰ্ভত স্থিতি দেখি।

‘কাৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজনবোধ কৰিছে বুদ্ধিজীৱি আৰু শিল্পীসমাজে’। এইদৰে কয় নাথে।

নাথে লগতে কয় যে অসমৰ ৰাইজে কাৰ বিৰোধিতা কৰিছে কিন্তু ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ সহযোগীসকলে নতুন দিল্লীৰ হেচাত আত্মসমৰ্পণ কৰি আইনখন বলপূৰ্বকভাৱে আমাক জাপি দিব বিচাৰিছে।

ইফালে মাঘ বিহুৰ পিছতেই সংশোধিত আইনখনৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয়, ’১৭ জানুৱাৰিত আমি বৈঠকত মিলিত হ’ম আৰু তাৰ পিছতেই পৰৱৰ্তি কাৰ্যসূচী ঘোষণা কৰা হ’ব’।