NORTHEAST NOW (Assamese)

বিপদত ৰূপজ্যোতি কুৰ্মী! মৰিয়নীৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ

July 24, 2021 6:38 am · নিৰ্মলেন্দু পাঠক
মৰিয়নি থানাত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ দাখিল। ফটো: নৰ্থইষ্ট নাও।

যোৰহাট জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে কভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ  উত্থাপন হৈ আহিছিল।

প্ৰাক্তন বিধায়ক গৰাকীয়ে বাগিছা অঞ্চলত ক’ডিড প্ৰটকল ভংগ কৰি ব্যাপক জন সমাগম কৰি সভা সমিতি পাতি ফুৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ অহাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে আটছাকে ধৰি বিভিন্নজনে।

 

আনহাতে, প্ৰাক্তন বিধায়ক গৰাকীৰ বিৰুদ্ধে আটছাই মৰিয়নি আৰক্ষী থানাত শুকুৰবাৰে ক’ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে কংগ্ৰেছৰ পৰা চাৰিবাৰকৈ মৰিয়নিৰ বিধায়ক নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিধায়ক পদ ত্যাগ কৰাৰ লগতে বিজেপিত যোগদান কৰিছে।

ইপিনে সমষ্টিটোত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত বিজেপিৰ টিকট লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এইবাৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিয়েই কুৰ্মীয়ে নিজৰ ভেটি অক্ষুন্ন ৰখাৰ বাবে উঠিপৰি লাগিছে।

Related News