অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যবেক্ষকেহে ছাত্ৰীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল , স্থিতি স্পষ্ট কৰিলে GIPS, তেজপুৰৰ অধ্যক্ষই

আজি অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষাত হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি অহাৰ বাবেই এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাত বহাৰ অনুমতি দিব নিবিচৰাৰ কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স(GIPS)ত আজি অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিশ্বনাথৰ পৰা আহিছিল জুৱলী তামুলী নামৰ ছাত্ৰী গৰাকী।

কিন্তু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকে ছাত্ৰীগৰাকীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিবলৈ অসন্মত হৈছিল।

ছাত্ৰীগৰাকীয়ে এডমিট কাৰ্ডত কোনো ধৰণৰ ড্ৰেছ কোডৰ কথা উল্লেখ নথকাৰ দোহাই দি পৰীক্ষাৰ পৰ্যবেক্ষকৰ সৈতে যুক্তি যুদ্ধত অৱতীৰ্ণ হয়।

অৱশেষত যেনিবা ছাত্ৰীগৰাকীক এখন পৰ্দা গাত মেৰিয়াই লৈ পৰীক্ষাত বহাৰ অনুমতি দিয়া হয়।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজি অনুষ্ঠিত হোৱা বিএছচি এগ্ৰিৰ প্ৰৱেশ পৰীক্ষা তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স-এ আয়োজন কৰা নাছিল।

এই প্ৰৱেশ পৰীক্ষা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনতহে অনুষ্ঠিত কৰা হৈছিল।

তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সত পৰীক্ষা কেন্দ্ৰহে আছিল।

বিষয়টোকলৈ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ অধ্যক্ষ আব্দুল বাকীয়ে নৰ্থ ইষ্ট নাওক কয় যে পৰীক্ষাৰ্থীগৰাকীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি নিদিয়াৰ বিষয়টোৰ সৈতে তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স কোনো পধ্যে জৰিত নহয়।

এনে সিদ্ধান্ত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকেহে লোৱা সিদ্ধান্ত আছিল।

তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স কেৱল পৰীক্ষাৰ কেন্দ্ৰহে আছিল।

পৰীক্ষাৰ্থীগৰাকীক তেনে পোছাক পিন্ধি পৰীক্ষাত বহিবলৈ দিয়া- নিদিয়াৰ বিষয়টোৰ সৈতে পৰীক্ষা কেন্দ্ৰৰ পৰিচালনা মণ্ডলী সেয়ে কোনো ধৰণে জৰিত থকাৰ প্ৰশ্নই নুঠে বুলি অধ্যক্ষ আব্দুল বাকীয়ে স্পষ্ট কৰি দিয়ে।

তেওঁ লগতে কয় যে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত GIPS-এ কেৱল অসম কৃষি বিশ্ববিদ্যালয়ক যাৱতীয় কাৰিকৰী সা-সুবিধা খিনিহে প্ৰদান কৰিছিল।

এই ক্ষেত্ৰত একাংশ সংবাদ মাধ্যমে ঘটনাটোৰ সৈতে GIPS ক সাঙুৰি বাতৰি পৰিবেশন কৰাত  অধ্যক্ষ গৰাকীয়ে আশ্চৰ্য ব্যক্ত কৰে।