NORTHEAST NOW (Assamese)

কৰোণাত আক্ৰান্ত মাতৃক ৰাস্তাত পেলাই থৈ গ’ল পুত্ৰই, অৱশেষত মৃত্যু হ’ল মাতৃগৰাকীৰ, ক’ত?

April 26, 2021 4:08 pm · এন ই নাও নিউজ

বহুদিন ধৰি ৰাস্তাতে পৰি আছিল কৰোণা আক্ৰান্ত এগৰাকী মহিলা।

অৱশেষত মহিলাগৰাকীক হস্পিতালত ভৰ্তি কৰিলে স্থানীয় বাসিন্দাসকলে।

কিন্তু মহিলাগৰাকীয়ে হস্পিতালতে মৃত্যুবৰণ কৰে।

ইয়াৰ বাবে মহিলাগৰাকীৰ পুত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে।

কাৰণ পুত্ৰই নিজৰ মাতৃক কৰোণাত আক্ৰান্ত অৱস্থাতেই ৰাস্তাত পেলাই থৈ গৈছিল।

উত্তৰ প্ৰদেশৰ কাণপুৰৰ এই অমানৱীয় ঘটনাৰ বাবে মহিলাগৰাকীৰ পুত্ৰক গৰিহণা জনাইছে অসংখ্য লোকে।

কাণপুৰৰ কাণ্টনমেণ্ট অঞ্চলৰ বাসিন্দা পুত্ৰজনৰ নাম হৈছে বিশাল।

কিছু দিনৰ পূৰ্বে তেওঁৰ মাতৃৰ শ্বাসজনিত অসুখে দেখা দিয়ে।

তাৰ পাছতে চহৰখনৰ চাকেৰি অঞ্চলত থকা তাৰ ভগ্নীৰ ঘৰৰ কাষত মাকক পেলাই থৈ ছত্ৰভংগ দিয়ে।

তাৰ ভগ্নী তথা মহিলাগৰাকীৰ কন্যাইও মাকৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে।

কৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহত আনকি কন্যাইও মাকক ঘৰত সোমাবলৈও নিদিলে।

সেইবাবে ৰাস্তাতে পৰি থাকিব লগা হয় দুৰ্ভগীয়া মহিলাগৰাকী।

মহিলাগৰাকী ৰাস্তাত পৰি থকা দেখি কেইজনমান লোকে মহিলাগৰাকী এটা ভিডিঅ’ কেমেৰাত ধৰি ৰাখে।

তাৰপাছত সামাজিক মাধ্যমত উক্ত ভিডিঅ’টো আপলোড কৰে।

ভিডিঅ’টোত দেখা যায় যে এটা ঘৰৰ সমুখত ৰাস্তাতে এগৰাকী মহিলাই কম্বল এখন গাত লৈ শুই আছে।

ভিডিঅ’টো দেখা পোৱাৰ পাছতে স্থানীয় থানাৰ আৰক্ষীবাহিনী ঘটনাস্থলীলৈ ৰাওনা হয়।

এখন এম্বুলেন্সত মহিলাগৰাকীক উৰ্চুলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তাতে তেওঁৰ মৃত্যু হয়।

বৰ্তমান আৰক্ষীয়ে পুত্ৰজনক বিচাৰ-খোচাৰ কৰি আছে।

Related News