দুদিন ধৰি পৰি থকা এখন গৰাকীবিহীন ইণ্ডিগ’ জেষ্টে শিৱসাগৰৰ আমগুৰিত সৃষ্টি কৰিছে চাঞ্চল্যৰ

Indigo Zest

পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ইণ্ডিগ' জেষ্টখন।

শিৱসাগৰ জিলাৰ আমগুৰিৰ লালিমচিগা ধোদৰ আলিৰ কাষত ৪ ফেব্ৰুৱাৰিৰ নিশা প্ৰায় ১.৩০ বজাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা টাটা ইণ্ডিগ’ জেষ্টখনৰ আজিলৈকে গৰাকীৰ সন্ধান ওলোৱা নাই।
স্থানীয় ৰাইজে পৰিত্যক্ত অৱস্থাত বহু সময় ধৰি থকা গাড়ীখন দেখা পাই আমগুৰি আৰক্ষীক খবৰ দিয়ে যদিও প্ৰথম অৱস্থাত সামান্য পৰ্য্যৱেক্ষণ কৰি তিনিটা চকাৰ পাম্প খুলি দিয়েই গুচি যায় আৰক্ষী।  ফলত ৫ ফেব্ৰুৱাৰিৰ গোটেই দিনটোত গাড়ীখন ধোদৰ আলিৰ মাজতে পৰি থাকে।
স্থানীয় ৰাইজেহে গাড়ীখনত লিখি থোৱা পঞ্জীয়ন নম্বৰ AS-04S-5672 লৈ ভাৰত চৰকাৰৰ পৰিবহণ বিভাগৰ এপচ্ত অনুসন্ধান কৰে। এপছটোত গাড়ীখন শিৱসাগৰৰ জনৈক চুতীয়া উপাধিৰ নামত পঞ্জীয়নভুক্ত বুলি দেখুৱায়।
কিন্তু আমাৰ সংবাদদাতাই চুতীয়াৰ লগত যোগাযোগ কৰাত তেওঁ জনায় যে সেই নম্বৰত তেওঁৰ এখন স্কুটিহে আছে।
ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সন্দেহ অধিক ঘনীভূত হয়। বহুকেইজন লোকে গাড়ীখনৰ গ্লাছেদি বাহিৰৰ পৰা ভালকে পৰীক্ষা কৰাত গাড়ীৰ ভিতৰত ৰছী আৰু বস্তা দেখা পোৱাত গাড়ীখন  গাড়ী চুৰি চক্ৰ বা গৰু চুৰি কাৰ্য্যৰ লগত জড়িত থকা বুলি সন্দেহ কৰে। স্থানীয় লোকে আৰক্ষীক পুনৰ খবৰ দিয়াত অৱশেষত ৫ ফেব্ৰুৱাৰিৰ নিশা প্ৰায় ১১  বজাত আমগুৰি আৰক্ষী আহি ঘটনাস্থলীৰ পৰা গাড়ীখন নিজৰ জিম্মাত লৈ আমগুৰি থানালৈ লৈ যায়।