বেংকৰ অৱস্থা “ভয়লগা”: ভাৰত চৰকাৰৰ চেয়াৰ হ্ৰাসৰ পোষকতা ন’বেল প্ৰাপক অভিজিত বেনাৰ্জীৰ

Abhijit Banerjee wants Govt to reduce shares in PS banks

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে নতুন দিল্লীত বেনাৰ্জীৰ সাক্ষাতৰ ছবি। সৌজন্য-- টুইটাৰ।

অৰ্থনীতিৰ ন’বেলপ্ৰাপক অভিজিত বিনায়ক বেনাৰ্জীয়ে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত চৰকাৰৰ চেয়াৰ ৫০ শতাংশতকৈ অধিক কমোৱাৰ পোষকতা কৰিছে।

ভাৰতৰ বেংকসমূহৰ বৰ্তমানৰ “ভয়লগা” অৱস্থা দূৰ কৰাৰ দিহাৰূপে বেনাৰ্জীয়ে কেন্দ্ৰক এই পৰামৰ্শ আগবঢ়াইছে।

ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকতো গ্ৰাহকৰ জমাধনৰ ১ লাখ টকালৈকেহে সুৰক্ষা থকাৰ খবৰে সমগ্ৰ দেশ জোকাৰি যোৱাৰ মাজতে অৰ্থনীতিবিদজনৰ এই উদ্বিগ্নতা তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

“মই বেংকত চৰকাৰৰ ইকুইটি কম থকাটো বিচাৰো যাতে বেংকিং খণ্ডৰ ভয় আঁতৰ হয়,” প্ৰধান মন্ত্ৰী মোদীৰ সৈতে নতুন দিল্লীত সাক্ষাতৰ পিছতে মঙলবাৰে সংবাদমেলত বেনাৰ্জীয়ে কয়।

বেনাৰ্জীৰমতে, ৰাজহুৱা খণ্ডৰ বেংকসমূহত চৰকাৰী চেয়াৰ ৫০ শতাংশতকৈ বেছি হোৱাৰ ফলত এইসমূহ কেন্দ্ৰীয় ভিজিলেন্স আয়োগৰ আওতাত পৰে।

“তদন্তৰ ভয়ে বেংকিং ব্যৱস্থাটোক পক্ষাঘাতগ্ৰস্ত কৰি ৰাখিছে। ই আদায় নিদিয়া ঋণ লুকুওৱাৰ পথলৈ লৈ যায় যিটোৱে অধিক ডাঙৰ সমস্যাৰ সৃষ্টি কৰে,” বেনাৰ্জীৰ মত।

ঘূৰাই নোপোৱা বৃ্হৎ পৰিমাণৰ ঋণৰ বোজাই ভাৰতীয় বেংক ব্যৱস্থাটোৰ ওপৰত তীব্ৰ চাপৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে, ২০১৮ চনৰ ডিচেম্বৰলৈকে এই পৰিমাণ ৮.৬৫লাখ কোটি টকা।

ভাৰতীয় বেংকসমূহৰ অৱস্থা ভালেই আছিল বুলি উল্লেখ কৰি বেনাৰ্জীয়ে হঠাৎ সৃষ্টি হোৱা সমস্যাৰ আঁৰত বে-ঠিক বেলেন্স শ্বীটলৈ আঙুলিয়ায়।

“ই (সমস্যাসমূহ) এই কথাকে সূচাইছে যে বেলেন্স শ্বীটসমূহে পৰ্য্যাপ্ত তথ্য ৰখা নাই। আমি ইয়াক লৈ সতৰ্ক হোৱা উচিত…আগলৈ আমি ইয়াক ৰোধিবলৈ সক্ষম হোৱা উচিত,” বেনাৰ্জীয়ে কয়।

বেনাৰ্জীয়ে কেন্দ্ৰীয় ভিজিলেন্স আয়োগৰ হাতোৰা আঁতৰোৱাৰ দিহা দি কয় যে এই চেক আৰু বেলেন্স “অতিৰিক্ত”।

“ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়ায়ো বেংকসমূহ নিয়ন্ত্ৰণ কৰে…গতিকে এনেকুৱা কথা নহয় যে চেক আৰু বেলেন্স নাই,” তেওঁ কয়।

এম আই টিৰ অৰ্থনীতিবিদজনৰমতে, বেংক নিয়ন্ত্ৰণৰ এনে ব্যৱস্থাৰ ফলতে অনাদায়ী ঋণ থূপ খাইছে।

“চেকবোৰ ইমান গধূৰ যে হয় মানুহে ঋণ দিব নোখোজে, (বা) যদি দিয়ে তেন্তে ভাবে এইটো তেওঁলোকৰ ভুল হ’ল, গতিকে বেইল আউটৰূপে গ্ৰাহকক তেওঁলোকে পুনৰ আন এটা ঋণ দিয়ে,” বেনাৰ্জীয়ে কয়।

মোদী চৰকাৰৰ শেহতীয়া একত্ৰীকৰণৰ পিছত ভাৰতত বৰ্তমান ৰাজহুৱা খণ্ডৰ ১২টা বেংক আৰু ১টা নেচনেল পেয়মেণ্টছ বেংক আছে।

ৰাজহুৱা খণ্ডৰ বেংকসমূহত ভাৰত চৰকাৰৰ চেয়াৰ ৫০ শতাংশতকৈ বেছি।

১৯৫৫ চনত ষ্টে’ট বেংক অৱ ইণ্ডিয়া গঠনেৰে ভাৰতীয় বেংকৰ ৰাষ্ট্ৰীকৰণ আৰম্ভ হৈছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৬৯ চনৰ ১৯ জুলাইত আন ১৪টা বেংক ৰাষ্ট্ৰীয়কৃত কৰিছিল।