লাভ জেহাদ বিৰোধী আইন : মাত্ৰ এমাহতে ৩৫ জন লোকক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশত

অন্য এক দজনৰো অধিক গোচৰ ৰুজু

প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰ প্ৰদেশত লাভ জেহাদ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত প্ৰণীত বেআইনীভাৱে ধৰ্মান্তকৰণ প্ৰতিৰোধ অধিনিয়ম, ২০২০ৰ বলৱৎ কৰাৰ এমাহৰ ভিতৰতে উক্ত আইনৰ অধীনত উত্তৰ প্ৰদেশত ৩৫ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে এক দজনৰো অধিক গোচৰ ৰুজু কৰা হৈছে।

মাত্ৰ এটা মাহতে ইমান সংখ্যক লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তৰ প্ৰদেশত এই আইনখনক বলপূৰ্বকভাৱে অপপ্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

শান্তনু শর্মা নামৰ সমাজকৰ্মী এজনে অভিযোগ তুলি কৈছে যে নতুন আইনখন প্ৰণয়ন কৰাত কোনো সমস্যা নাই, কিন্ত বলপূৰ্বকভাৱে গোচৰ ৰুজু কৰি নাগৰিকক হাৰাশাস্তি কৰা উচিত হোৱা নাই। আইনখন যাতে অপব্যৱহাৰ কৰা নহয়  সেয়া নিশ্চিত কৰিব লাগে।

“নতুন আইন প্ৰণয়ন কৰা মানে এইটো নহয় যে প্ৰয়োগৰ সময়ত বলপূৰ্বকভাৱে অপব্যৱহাৰ কৰিব পাৰিব। কিন্তু ইয়াক আৰক্ষীয়ে বলপ্ৰয়োগ কৰি অপব্যৱহাৰ কৰিছে। গতিকে ইয়াক প্ৰয়োগ কৰোতে অতি সাৱধান হ’ব লাগে।” শৰ্মাই কয়।

ইফালে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্দীপ চৌধুৰীয়ে কয়, “আইনখনে নাগৰিকৰ সংবিধানৰ মৌলিক অধিকাৰৰ আৰু বিশ্বাস সলনি কৰাৰ ওপৰত প্ৰভাৱ পেলাইছে। সংবিধানৰ ২১ নং অনুচ্ছেদ(ব্যক্তিগত জীৱন আৰু স্বতন্ত্ৰতাৰ অধিকাৰ)ৰ অধীনৰ ব্যক্তিগত স্বতন্ত্ৰতা, গোপনীয়তা, মানৱীয় সন্মান আদিৰো হৰণ কৰিছে।”

উল্লেখ্য যে নতুন আইনখনৰ অধীনত মাত্ৰ এমাহৰ ভিতৰতে ৩৫ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে আইনখনৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট লোকসকলে।

ইফালে এই আইনৰ অধীনত গ্ৰেপ্তাৰ বৰণ কৰা লোকক এলাহাবাদ উচ্চ ন্যায়ালয়ে কোনো সাক্ষ্য-প্ৰমাণ নোহোৱাৰ বাবে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশো উত্তৰ প্ৰদেশ আৰক্ষীক। যিটো আইনখনৰ অপপ্ৰয়োগ কৰাৰ সবল দৃষ্টান্ত বুলি চৰ্চা হৈছে সচেতন মহলত।