NORTHEAST NOW (Assamese)

উচ্ছেদৰ জাননী! শিৱসাগৰ ৰে’ল ষ্টেচন চৌহদত ৭০ টাৰো অধিক পৰিয়ালৰ প্ৰতিবাদ সাৱ্যস্ত

August 29, 2022 2:01 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ ৰে’ল ষ্টেচনৰ চৌহদত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৭০ টাৰো অধিক পৰিয়ালে।

কেইবা দশক ধৰি ৰেলৱেৰ ভূমিত বসবাস কৰি অহা  পৰিয়াল সমূহে উচ্ছেদৰ জাননী লাভৰ পিছতে সাব্যস্ত কৰে প্ৰতিবাদ।

কৃষক মুক্তি, ৰাইজৰ দলৰ নেতৃত্বত সাব্যস্ত কৰে এই প্ৰতিবাদ।

 

পুনৰ সংস্থাপনৰ বাবে দুমাহ সময় বিচাৰিছিল যদিও সেই সময় নিদি ৩০ আগষ্টত উচ্ছেদ চলাব বুলি জাননী দিছে ৰে’লৱেই।

উচ্ছেদৰ সমান্তৰালকৈ চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে ঘৰ ভাঙিবলৈ দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিছে পৰিয়াল সমূহে।

Related News